Thursday, 13 June 2019

সংগীতত গুৰু- শিস্য পৰম্পৰা



                 সংগীতত গুৰু- শিস্য পৰম্পৰা
                                                     হিৰন্ময়ী দাস গগৈ
                                                       দুলীয়াজান
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু ,গুৰু দেৱ মহেশ্বৰ
গুৰু সক্ষাৎ পৰম ব্ৰহ্ম ,তস্মৈ শ্ৰীগুৰুৱে নম: ।।
অৰ্থাৎ শিক্ষাদাতা গুৰু হ’ল ত্ৰিদেৱ, ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰ ।এই গুৰুতে শিস্যই পৰম ব্ৰহ্মক দেখা পায় ।

প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিত উপৰুক্ত সংস্কৃত ভাষাৰ শ্লোকটিৰ মহত্ব শিক্ষাৰ্থী সকলৰ বাবে ভগৱানৰ  অঘোষিত বাণী আছিল । যি গুৰুকুল নাইবা গুৰু আশ্ৰমত, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ মধুৰ আৱেগিক আৰু ঈশ্বৰীক সম্পৰ্ক স্থাপনত সহায়ক হৈছিল। সময়ৰ বিৱৰ্তনত শিক্ষাই, গুৰুকুল ত্যাগ কৰি বিদ্যালয় মূখী হোৱাৰ পৰা গুৰুৰ স্থান ভগৱানৰ শাৰীৰ পৰা সাধাৰণ শাৰীৰ মানুহলৈ নামি আহিল । কিন্তু বৰ্তমান সময়তো সংগীত হ’ল এনে এটা বিষয় য’ত পৌৰাণিক গুৰু-শিস্যৰ পৰম্পৰা এতিয়াও দেখিবলৈ পোৱা যায় । বৰ্তমান সময়ত কেৱল সংগীত বিষয়ৰ বিদ্যাৰ্থী সকলকহে সততে, শিক্ষকৰ ভৰি চুই প্ৰণাম কৰা দেখা যায় । তাৰোপৰি গুৰুৰ নাম উচ্চাৰণ কৰিলে দুয়োহাতে কাণ স্পৰ্শ কৰি ,এই অপৰাধৰ ক্ষমা বিছাৰে । অন্যান্য শিক্ষাৰ বিষয়ত যিকোনো ছাত্ৰ বা ছাত্ৰীক তেওঁলোকে অধ্যয়ন কৰা শিক্ষানুস্থানৰ নাম সোধাৰ নিয়ম যদিও সংগীতৰ ক্ষেত্ৰত একোজন শিল্পীক,কেৱল গুৰুৰ নামহে সোধাৰ পৰম্পৰা বৰ্তমানতো প্ৰচলিত । সেয়েহে সংগীতত ,একোজন প্ৰতিস্থিত গায়ক নাইবা নৃত্য শিল্পীক তেখেতৰ গুৰুৰ নামেৰে জনা যায় ।
পৌৰাণিক ভাৰতবৰ্ষত ৰামায়ন,মহাভাৰত,বেদ,উপনিষদ আদি কৰি সকলো মহাকাব্য কথিত ভাৱে প্ৰচলিত আছিল। গুৰু সকলে মহাকাব্য সমূহৰ পদাৱলী আবৃত্তি কৰি গৈছিল আৰু শিস্য সকলে শ্ৰৱণ কৰি আওঁৰাইছিল। এইদৰে পুৰুষানুক্ৰমে শিক্ষা ব্যৱস্থা চলি আছিল আৰু আজিৰ পৰা প্ৰায় আঠশ বছৰ মানৰ আগতহে মহাকাব্য সমূহ লিপিবদ্ধ হৈছে। আদিকবি বাল্মিকিৰ সময়ৰ পৰা ৰামায়ন লিপিবদ্ধ হোৱালৈ বিভিন্ন ঠাই বাগৰি আৰু অলেখ মুখ বাগৰি বৰ্তমান প্ৰায় তিনিশৰ অধিক প্ৰান্তীয় ৰামায়ন পোৱা যায় য’ত ইখনৰ পৰা সিখনৰ বৰ্ণনাত যথেষ্ট পৰিমানে ভিন্নতা দেখা যায় । এইকথা উল্লেখ কৰাৰ মূখ্য কাৰণ হ’ল গুৰু মূখী শিক্ষা ব্যৱস্থাৰ বিষয়ে বুজি পোৱাটো সহজ কৰি তোলা ।
মূলত গুৰু-শিস্য পৰম্পৰাৰ আৰম্ভনি হৈছিল , অৰণ্যৰ মাজত আশ্ৰম তৈয়াৰ কৰি পৰিপক্ক ব্যক্তিৰ পৰা ব্যৱহাৰিক ভাৱে জীৱন জাপনৰ জ্ঞান আৰ্জন কৰা । লগতে মৌখিক পৰম্পৰাৰে বেদ বেদান্তৰ জ্ঞান ছাত্ৰ সকলক প্ৰদান কৰা । ইয়াত শ্ৰৱণ আৰু কথন প্ৰথাৰ উত্তম ব্যৱহাৰ হৈছিল । প্ৰতিকূল যাতায়তৰ বাবে শিস্য সকল গুৰু গৃহত নিজৰ সন্তানৰ দৰে বাস কৰি ,শিক্ষা লাভৰ লগতে পৰ্য্যমানে গুৰু সেৱাও কৰিছিল । গুৰুৰ আশ্ৰমত ৱৰ্ণ ভেদে শিক্ষা প্ৰদান হৈছিল । ৰাজপুত্ৰ সকলে অস্ত্ৰ চালনাৰ লগতে ৰাজনীতি, অৰ্থনীতিৰ শিক্ষা লৈছিল । অন্যান্য সকলেও নিজৰ নিজৰ জন্মগত ভাবে লাভ কৰা বৃত্তি সমূহৰ শিক্ষা গ্ৰহণ কৰিছিল। তাৰ বাবে শিস্য সকলে উচৰ্গীত মনোভাবেৰে  শিক্ষা গ্ৰহন কৰিব লগিছিল । আশ্ৰমত বিদ্যা আৰ্জনৰ বিনিময়ত, সকলো ছাত্ৰই গুৰু গৃহৰ যাৱতীয় কাম-কাজ কৰিব লগাত পৰিছিল ।ইয়াৰ ভিতৰত মুখ্যত আছিল হাবিৰ মাজৰ পৰা খৰি আৰু খোৱা পানী সংগ্ৰহ কৰা, প্ৰয়োজন সাপেক্ষে কৃষি কৰ্ম আৰু ফল-মূল সংগ্ৰহ কৰা, গুৰু গৃহ পৰিষ্কাৰ কৰা ইত্যাদিৰ উপৰিও গুৰুৰ কপোৰ কানি ধুই নিকা কৰি তেখেতৰ বাবে ৰন্ধা-বঢ়া কৰাও অন্যতম । এই  শিক্ষা  ব্যৱস্থা সমূহৰ ভিতৰত সংগীত এনে এটি বিষয় যি মৌখিক পৰম্পৰাক প্ৰকৃত ৰূপ প্ৰদান কৰাত সফল হিচাপে পৰিগনিত হৈছিল । এই শিক্ষা দান ব্যৱস্থাত গুৰু-শিস্য পৰম্পৰাৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত হৈছিল । কাৰণ, সংগীত এক ব্যৱহাৰিক বিষয় আৰু ইয়াৰ তাত্বিক দিশটো  ব্যৱহাৰিক দিশতকৈ বহু নতুন । ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰ্য্য হ’ল  গায়ন আৰু শ্ৰৱণ । গুৰুৰ সমুখত বহি শিস্যই কণ্ঠ অনুশীলন কৰা আৰু পৰম্পৰাগত ৰাগৰ জ্ঞান লাভ কৰে। এই শিক্ষা লাভ কৰি শ্ৰুতাৰ সমূখ পৰিৱেশনৰ উপযুক্ত হোৱালৈ বহু দীঘলীয়া সময়ৰ বাবে ছাত্ৰ সকলে, গুৰুৰ সানিধ্যত পাৰ কৰিব লগা হয় । এই সানিধ্যই দুয়োৰে মাজত এক ঈশ্বৰীক সম্বন্ধ প্ৰতিস্থা কৰে । শিস্য সকলৰ মাজত এক বিশ্বাসৰ জন্ম হয় যে আজীৱন গুৰু সেৱাত ব্ৰতী হলেহে প্ৰকৃত জ্ঞান আহৰণ সম্ভৱ হব পাৰে । এই মৌখিক শিক্ষাৰ প্ৰচলনেই হল গুৰু-শিস্য পৰম্পৰাৰ মূখ্য ৰূপ ।
ভাৰতবৰ্ষত সেয়েহে শাস্ত্ৰীয় সংগীতৰ অলেখ ঘৰানাৰ উৎপত্তি হয় । সংগীতৰ গুৰু সকলৰ প্ৰাণত এক ভাৱ সদায় সঞ্চাৰহৈ থাকে যে, শিস্য জনে ভবিষ্যতে তেখেতৰ প্ৰকৃত ছবি প্ৰতিফলিত কৰিব পাৰিব আৰু অন্যহাতেদি শিস্য জনৰ মনৰ মাজত সদায় এটি ভাৱেই দুলি থাকে যে তেওঁ গুৰুৰ নাম উজলোৱাৰ লগতে গুৰুজনাক গৌৰৱৰ ভাগি কৰিব পাৰিলেহে তেওঁ প্ৰকৃত শিক্ষা আহৰনত সফল হব । এই পৰম্পৰা আৰু উচৰ্গীত মনোভাৱে গুৰু-শিস্য পৰম্পৰাক অধিক মহীয়ান কৰি তুলিছে । সংগীতৰ শিক্ষা, ঘৰানাৰ পৰা বিদ্যালয় ,বিশ্ববিদ্যালয়লৈ গতি কৰিলেও ইয়াত গুৰু শিস্যৰ মৌখিক শিক্ষাদানৰ পৰম্পৰা অবিহনে এই শিক্ষা সদায় অসম্পূৰ্ণ । সংগীত গুৰুমূখী বিদ্যা আৰু গুৰুৰ সমূখত পৰিৱেশনৰ অগ্নি পৰীক্ষাত অৱতীৰ্ণ নোহোৱালৈ এই শিক্ষা অসম্পূৰ্ণ । ভাৰতনাত্যমত এক পৰম্পৰাগত “আৰেংগেত্ৰম” নামেৰে প্ৰথা এতিয়াও প্ৰচলিত ,য’ত গুৰুৱে শিস্যক প্ৰশিক্ষনৰ অন্তত পৰীক্ষালৈ,উপযুক্ত বিবেচনা কৰিলে, আহাৰ্য অৰ্থাৎ ভৰিৰ নুপুৰ প্ৰদান কৰে । কৰ্ণাটকী সংগীতৰ গায়ন পদ্ধতিত,গুৰুৱে শিস্যক কেৱল মৌখিক ভাৱেহে শিক্ষা প্ৰদান কৰে আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ গায়ন ব্যৱস্থাত গুৰুৱে সাধাৰনতে উপযুক্ত শিস্যক একেখন মঞ্চত বহিবলৈ অনুমতি প্ৰদান কৰা দেখা যায় । শিস্য সকলে নিজৰ মঞ্চ যাত্ৰা গুৰু পদ স্পৰ্শ কৰি আৰম্ভ কৰে আৰু ইয়াৰ অন্ত:নিৰ্হিত অৰ্থ হ’ল এয়ে যে, “হে গুৰুদেৱ আপোনাৰ পদধূলাৰ জৰিয়তে আপোনাৰ জ্ঞানৰ সামান্য পৰিমান আমি লাভ কৰিব পাৰো”। এই পৰম্পৰাই সংগীতক সদায়ে মহীয়ান কৰি ৰাখিব ।

Saturday, 18 May 2019

বিবৰ্তনৰ চক্ৰত বিহু নাম- এক অৱলোকন


হিৰন্ময়ী দাস গগৈ,
দুলীয়াজান, অসম
hiranmayeed@gmail.com

মানৱ সমাজত প্ৰচলিত প্ৰাচীনতম সঙ্গীত হ’ল লোকসঙ্গীত। কথাৰে, সুৰেৰে মনৰ ভাৱ প্ৰকাশ কৰা, মানৱ সমাজৰ বৈশিষ্ট । এই সংগীত হ’ল মানৱ জীৱনৰ এটি শ্ৰেষ্ঠতম আবিষ্কাৰ । “যি সঙ্গীতৰ কথা আৰু সুৰক কোনো বিশেষ ব্যাকৰণেৰে বান্ধি নাৰাখি স্বতঃস্ফুতভাৱে আৱেগৰ বৰ্হি প্ৰকাশ ঘটাই, নিজৰ লগতে আনকো আনন্দ দিব পাৰি সিয়েই লোকসংগীত”। অসমীয়াৰ লোকসঙ্গীতো ইয়াৰ ব্যতিক্ৰম নহয়।
বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰে পৰা অসমত অতি উচ্চমান বিশিষ্ট সঙ্গীতৰ প্ৰচলন আছিল। পৌৰাণিক আখ্যান সমূহৰ জৰিয়তে জানিব পৰা যায় যে, বাণ ৰজাৰ জীয়াৰী উষাৰ সখি “চিত্ৰলেখা” মৰ্ত্য লোকৰ প্ৰথমা শিল্পী। সেয়েহে চিত্ৰলেখাৰ দিনৰে পৰা অসমত সঙ্গীতৰ ফল্গুধাৰা নিৰৱ-চিন্ন ভাৱে বৈ আহিছে।
অসমীয়াৰ জনজীৱনত লোকগীতৰ স্থান কিমান সেয়া অসমীয়া মানুহৰ এটা দিনৰ আৰম্ভণি আৰু সমাপ্তি বা জীৱনৰ বিভিন্ন সময়ত ঘটা ঘটনাৱলীলৈ মন কৰিলে বুজিব পাৰি। অসমৰ প্ৰখ্যাত সঙ্গীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকন দেৱে লিখিছে, “অসমীয়া মানুহৰ পুৱাৰ টোপনি ভাগে বৰগীতৰ ৰাগৰ লহৰ শুনি। মাকে কেচুঁৱাক ওমলাই নিচুকনী গীতৰ সুৰেৰে। দুখনি হৃদয়ৰ মিলন ঘটে আয়তী সকলৰ কণ্ঠৰ জাউৰীয়ে জাউৰীয়ে গোৱা বিয়া নামৰ মাজেৰে। পুৱা-গধূলি মন্দিৰ-নামঘৰৰ প্ৰাঙ্গনত মুখৰিত হৈ উঠে নাম-প্ৰসঙ্গ আৰু কীৰ্তনৰ মধুৰ  ঝঙ্কাৰেৰে”। অসম বিভিন্ন জাতি আৰু ভাষা-ভাষীৰ মিলন ভূমি। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উৰ্বৰ ভূমিয়ে বিভিন্ন প্ৰজাতিক হাত বাউলী মাতি আনিছে। সময়ে সময়ে অসমীয়া জন-জীৱনত লীন হৈ যোৱা এই সমূহ প্ৰজাতিয়ে অসমীয়াৰ গীত-মাতত অলেখ অৰিহণা যোগাই আহিছে। ডঃ হেমন্ত কুমাৰ শৰ্মাদেৱে তেখেতৰ লোকগীতি সঞ্চয়ণ পুথিত লিখিছে “ অসমীয়া সংঙ্কৃতি এখন বাৰে বৰণীয়া ফুলনিবাৰীৰ দৰে। সেই ফুলনীৰ জকমকীয়া ফুল আৰু গছপাতেৰে সুশোভিত এজোপা ধুনীয়া গছ হ’ল অসমীয়া লোকগীত। কোন কোন মালীয়ে সেই গছজোপা ৰুই ডাঙৰ দীঘল কৰিলে তাৰ হিচাব কাৰো নাই; কিন্তু এইটো থিক যে তাৰ ৰূপ সৌৰভত মুগ্ধহৈ হেজাৰ জনৰ মনপখীয়ে তালৈ উৰা মাৰিছে। তাৰ ৰূপ ৰস পান কৰিছে, তাৰ ফল ভোগ কৰি ললিত লয়েৰে কুজন দিছে ।ৰঙালী বিহু উপলক্ষে গোৱা গীত বা নাম সমূহ হৈছে “বিহু নাম” । অসমীয়া লোকসংগীতৰ মুকুত বিহিন সম্ৰাজ্ঞী স্বৰূপ বিহু নামক দুভাগত বিভক্ত কৰিব পাৰি ; ক) ভক্তিমূলক বিহু নাম আৰু খ ) সামাজিক বিহু নাম
ক) ভক্তিমূলক বিহু নাম:- অসমীয়া বিহু নামৰ ভক্তিমূলক বিভাগটো অতিশয় প্ৰাচীন আৰু ইয়াত আৰ্য্য-অনাৰ্য্য দুয়োটা মূলৰে অবদান মনকৰিব লগীয়া। ইয়াত প্ৰথমে নাম ল’ব লাগিব হুঁচৰিৰ। পহিলা বহাগৰ দিনা গাঁৱৰ জেষ্ঠ পুৰুষ আৰু ডেকা সকল লগহৈ ঘৰে ঘৰে হুঁচৰি গায় আৰু গৃহষ্ঠক অনাগত বছৰটোৰ বাবে আশীৰ্বাদ জনায়। হুঁচৰিত দিহা (গীতৰ স্থায়ী অংশ) আৰু পদৰ সংযোজনেৰে সামাজিক তথা ধাৰ্মিক পৰম্পৰাৰ সানমিহলি গীতৰ পয়োভৰ দেখা পোৱা যায় । ইয়াৰ দিহা যদি আৰম্ভ হয় -
“ৰৈ ফুল ৰমক, বিজুলীৰ চমক
ভানুমতী ঐ গা কৰে ৰমক-জমক”

আদিৰ দৰে গীতেৰে; কিন্তু পদ দিয়া হয় কীৰ্তন ঘোষাৰ পৰা -
“মই দুৰাচাৰ কেৱলে তোমাৰ
গা কৰে ৰমক জমক”

    হুঁচৰি সাধাৰণতে উজনি অসমত বেছিকৈ প্ৰচলিত যদিও বৰ্তমান সমগ্ৰ অসমতে ইয়াৰ প্ৰচলন দেখা যায়। বিশেষকৈ বহাগ মাহত অনুস্থিত কৰা বিহু সন্মিলন সমূহত ইয়াৰ প্ৰতিয়োগীতাও হয়। ই পুৰুষ প্ৰধান যদিও, বৰ্তমান প্ৰতিযোগীতাৰ যুগৰ ফলতেই হওঁক বা সময়ৰ পৰিবৰ্তনৰ ফলতেই হওঁক,সৌন্দৰ্য্যৰ পয়োভৰ ঘটাবলৈ গাভৰু সকলকো হুঁচৰিত সংযোজন ঘটোৱা হৈছে। সেয়ে আজি কালি স্বতঃস্ফুততাৰ পৰিবৰ্তে অতি পৰিকল্পিত আৰু দক্ষতাৰে পৰিচালনা কৰা সুন্দৰ হুঁচৰিৰ দল দেখা পোৱা যায়। হুঁচৰি সমূহত ব্যৱহাৰ কৰা কিছু দিহা হ’ল
“কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল ঐ’
গুবিন্দাই ৰাম”।
“দেউতাৰ পদূলিত গুন্ধাইছে মাধুৰী
কেতেকী মলে মলাই ঐ
গুবিন্দাই ৰাম”।ইত্যাদি
হুঁচৰিৰ শেষত গৃহস্থই এগছি বন্তিজ্বলাই, বটাত গুৱা পান আৰু এটি অৰিহনা লৈ ৰাইজৰ চৰণত ঘোষা এফাকিৰে সেৱা জনায় । বছৰটোত কোনো অপায়-অমংগল নহবলৈ আৰু দোপত-দোপে গৃহস্থক উণ্ণতি পথত আগবাঢ়িবলৈ,গাঁৱৰ ৰাইজে আশীৰ্বাদ দিয়ে -
“লাইৰ মাজে-মাজে লফা ডালি-ডালি
তাৰ মাজে খুতৰা শাক
মূৰৰ চুলি চিঙি   আশীৰ্বাদ কৰিছো
গৃহস্থ কুশলে থাক”।



খ)সামাজিক বিহু নাম :    অসমীয়া সমাজৰ ৰঙালী বিহুক ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ বসন্ত উৎসৱৰ লগত ৰিজাব পাৰি। ৰঙালী বিহু উপলক্ষে গোৱা গীত বা নাম সমূহ হৈছে “বিহু নাম” । ই অসমীয়াৰ বাপোতি সাহোন আৰু হিয়াৰ আমঠু। বিহুনামৰ মূল ভাব হৈছে প্ৰেম- পিৰিতি । ডেকা-গাভৰুৰ পূৰ্বৰাগ, মিলন, বিৰহ আদি ভাব নানান উপমা-অলংকাৰেৰে বিহুনামৰ যোগেদি প্ৰকাশ পায়। বিহুনামক অনন্য কৰি তোলাৰ সমল সমূহ হ’ল—কল্পনাৰ বিলাস, উপমাৰ বৈচিত্ৰতা আৰু মনৰ গভীৰতম ভাবৰ তীব্ৰতা। বৰ্তমান চ’তৰ শেষৰ পৰা জেঠৰ শেষলৈ অসমৰ আকাশে বতাহে বিহু নামে ৰজনজনাই থাকে। বিহুগীত আৰম্ভণী কৰা হয় আলাপৰ দৰে লেনীয়াকৈ গোৱা যোজনাৰে । তাৰ পিছে-পিছে লগ হয় ঘোষা, পদ, জোৰা নাম আৰু জাত নাম। সহযোগী বাদ্য হিচাবে ঢোল, পেঁপা, গগনা, টকা, খুটি তাল, বাঁহী, সুঁতুলি আদি বজোৱা হয়।
“বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গলে বিনাবা কাক”

তাল-লয় যুক্ত বিহুগীতৰ মূল বৈশিষ্ট হ’ল “দিহা” আৰু পদৰ লগতে দুলৰি চন্দত দুলি থকা। বিহুগীতে প্ৰথম দুটা বা তিনিটা শাৰীতে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। তাৰ পিছতে দীঘলীয়া কৰিবলৈ পদ আৰু জাত নামৰ সহায় লোৱা হয় নাইবা অন্য বিহু নামৰ সহায় লোৱা হয়। তাৰে এটি উদাহৰণ তলত দিয়া হ’ল—
“ঢাপে ঢাপে চৰিলে ঢাপলোকা চৰাইটি
বাঘলৈ নকৰে ভয়,
আমাৰে ঐ নাচানী নাচিবলৈ ধৰিলে
সমাজলৈ নকৰে ভয়”।।

ইয়াক দীঘলীয়া কৰিবলৈ হলে এনেদৰে পুনৰাবৃত্তি কৰা হয়
“এ জয় ঢাপে ঢাপে চৰিলে
এ জয় ঢাপলোকা চৰাইটি
এ জয় এ জয় বাঘলৈ নকৰে ভয়,
এ জয় আমাৰে ঐ নাচনী
এ জয় নাচিবলৈ ধৰিলে
এ জয় এ জয় সমাজলৈ নকৰে ভয় ....ইত্যাদি ।
     অন্য হাতে এফাকি বিহুনামত আন এফাকিক বিহুক পদ হিছাবে ব্যৱহাৰ কৰিও বিহুনামৰ পুনৰাবৃত্তি কৰা হয়, উদাহৰণ হিছাবে
                 ক) অ’ সৰু ভনী তুমি আমাৰ নাচনী
                     নচুৱাই থাকিলেও নেলাগে আমনি
                  খ) ধানে দাই গ’লা পিচলৈ নেচালা
                      এৰিলা চেনেহৰ ঠোক, ইত্যাদি ।

এতিয়া দুযো ফাকি নামক যদি লগ লগাই গোৱা হয় তেন্তে তলত দিয়া দৰে হব-
“ধানে দাই গ’লা অ’ সৰু ভনী
পিচলৈ নেচালা অ’ সৰু ভনী
এৰিলা চেনেহৰ ঠোকে সৰু ভনী
তুমি আমাৰ নাচনী
নচুৱাই থাকিলেও নেলাগে আমনি” ।

এই দৰে বিহুগীতত চহা কবিয়ে প্ৰেম, মিলন, বিৰহ, আবেদন, প্ৰভৃতি অনুভূতিৰ লগত ফল-ফুলৰ নাম, চৰাইৰ নাম, গছৰ নাম, নদীৰ নাম, ছোৱালীৰ নাম আদি স্ংযোগ ঘটাই অনন্য গীতৰ সৃষ্টি কৰে ।
“লুইতৰ বালি বগী ধকে ধকী
কাচই কণী পাৰে লেখি,
গাত জুই জ্বলিছে সৰিয়হৰ ফুটিছে
তোমাক পানী ঘাটত দেখি”।
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু “ঋতু’ পৰিবৰ্তনৰ বৰ্ণনাতও বিহুনাম সমূহত দেখা যায়।
“চ’তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা
কৈনো কৈ থাকিলে ওৰকে নপৰে আমাৰে বিহুৰে কথা”।

অসমীয়া শিপীনিৰ তাঁত শালখন অতিকে আপোন । সেয়ে তাঁত শালৰ লগতে এৰি, মুগা আৰু তাঁতত বৈ উলিওৱা গামোচাকে ধৰি বিভিন্ন বস্ত্ৰৰ উল্লেখ বিহুঁনামত পোৱা যায়-   
১) সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী
বিহু মাৰিবলৈ যাঁও
২) এ লীলা বহে তাঁতৰ পাতত,
লীলাৰ চকু আলিবাটত
লীলাৰ মাকু সৰি সৰি পৰে
এইবোৰৰ উপৰিও মাছ মৰা, ধান দোৱা, তামোল-পান, বাদ্য যন্ত্ৰৰ উল্লেখ, ঐতিহাসিক প্ৰতিচ্ছবি, সমাজ ব্যৱস্থাৰ আভাস, মানৱ চৰিত্ৰৰ বিশ্লেষণ আদি বিহুনামত বহুল ভাৱে ব্যৱহাৰ হয়। ঐতিহাসিক প্ৰতিচ্ছবিৰ এফাকি বিহু তলত উল্লেখ কৰা হ’ল -
স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলৈ
দুলিয়াই পাতিলে দোলা,
কাণত জিলিমিলি নৰা জাংফাই
গাত গাম চেঙৰ চোলা ।

জাত নামৰ কথা উল্লেখ নকৰিলে বিহুৰ নামৰ আলোচনা সম্পূৰ্ণ হব নোৱাৰে।
অ’ আইদেউ লচকচী
ৰিহা ললা কেচ বাছি
দ’ৰা ললা মনে বাছি,
আকৌ তোমাৰ বিহুলৈ মন।।
এনে ধৰণৰ জাত নামৰ উপৰিও অন্য বিহুৰ লগত লগলগাই গোৱা অলেখ জাত নামৰ ব্যৱহাৰ দেখা যায় -
‘হায় ঐ জালি জাপি ঐ
ভাঙো নো শালি কাঠী ঐ
মহুৰাৰ মুখলৈ চায়েনো
শালি কাঠী ঐ
নিয়ৰতে তিয়াই যাওঁ ভৰি ।
এনে ধৰনৰ জাত নাম যিকোনো যোজনাৰ লগত সান মিহলি কৰি গোৱা হয় । হেমাংগ বিশ্বাসদেৱৰ এটি বক্তব্যৰে বিহুনাম অসমীয়াৰ বাবে কি তাক সহজে উপলব্ধি কৰিব পাৰি--
“যি নাই বিহু গীতত সি নাই অসমত । যি নাই অসমত সি নাই বিহুগীতত।অসম আৰু অসমীয়াৰ জনমানসত নিৰ্ভুল দাপোন এই বিহু । অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফল-ফুল,গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে panorama ভাৰতৰ লোক সংগীতত বিৰল ।বিহুগীতৰ সাহিত্যি আৰু সাংগীতিক ভেটিৰ ওপৰতে থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ”।
বিজ্ঞানৰ অবদান সমূহলৈ মন কৰিলে দেখা যায় যে কালিৰ অবিষ্কাৰ অজিৰ অপৰিহৰ্য্য আৰু কলিলৈ সি পুৰণি অৰু পৰহিলৈ অলাগতিয়াল।কাৰন গৱেষণাই নিত্য নতুন আবিষ্কাৰ মানৱ সমাজলৈ আগবঢ়াই আহিছে । অসমীয়াৰ বিহুনাম পথাৰৰ পৰা আহি মঞ্চ পালেহি তাৰ পিচত ৰেডিঅ,টেলিভিচন,কেচেত,চিডি আৰু সকলোতকৈ সহজলভ্য মাধ্যম ইউটিউব আৰু মবাইলৰ জৰিয়তে মানুহৰ হাতৰ মুঠিত । এই বিবৰ্তনে বিহুনামলৈ পৰ্যায় ক্ৰমে অলেখ পৰিবৰ্তন আনিলে । মঞ্চৰ বিহুত পৰম্পৰাগত বিহুৰ গয়নালৈ আধুনিকতাৰ প্ৰলেপ সানি নিমন্ত্ৰিত শিল্পীৰ গীত পৰিৱেশনৰ প্ৰথা আৰম্ভ হোৱাৰ লগে লগে বিহুনামৰ ওপৰত আৰম্ভ হ’ল অলেখ পৰীক্ষা-নিৰীক্ষা আৰু অপৈনত হাতৰ অস্ত্ৰোপচাৰ । বিহুনাম বিহুসুৰীয়া গীতলৈ ৰূপান্তৰ হল আৰু ঢোল-পেঁপাৰ ঠাই প্ৰথমে হাৰমনিয়ম আৰু তবলাই গ্ৰহন কৰিলে পৰ্যায় ক্ৰমে ইয়াৰ ঠাই  স্থায়ী ভাৱে কিবৰ্ড, ড্ৰাম ,গীটাৰ আৰু ইলেক্ট্ৰনিক পেড আদিয়ে অধিকাৰ কৰি ললে। সেয়েহে গীতৰ ভাষাই সৰলতা আৰু পৰম্পৰা পৰিহাৰ কৰি বৰ্তমান জনজীৱনৰ দাপোন হৈ পৰিল।
     “ কাজিৰঙা বৰ ধূনিয়া একোৰেই নাই তুলনা
         কেনেকৈ ফালি দেখোৱাও কুমলিয়া কলিজা”
         “আলহি হৈ আহিম এদিন তোমাক চাবলৈ
          দ’ৰা সাজি আহিম এদিন তোমাক নিবলৈ”
ইমানলৈ সকলো থিকেই আছিল । কিন্তু বৰ্তমান সময়ত অসমৰ অলিয়ে গলিয়ে লাখৰ ঘৰত বিহুসন্মিলন বোৰ বহাগত আৰম্ভ হলেও শেষ হব নোখোজে । আৰু তাত ৰাতিৰ সাংস্কৃতিক সন্ধিয়া সমূহ যুবক-যুৱতী সকলৰ মাজত অতি জনপ্ৰিয় । অসমত বৰ্তমান পৈনত শিল্পীৰ লগতে অনেক অপৈনত শিল্পীৰো জন্ম হবলৈ ধৰিলে আৰু এই বজাৰ খনত প্ৰ্তিযোগীতা অভাৱনীয় ভাৱে বৃদ্ধি পালে । লগে লগে আহি পৰিল বিজ্ঞাপন তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তা ।বিহুসন্মিলন এখনত হাজাৰ হাজাৰ দৰ্শকক আকৰ্ষণ কৰিবলৈ আৰু মোটা অংকৰ বৰঙনি তুলিবলৈ এজন জনপ্ৰিয় শিল্পীক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে দেখোৱা হয় । অক্টোৱৰ মাহৰ পৰা শিল্পী সকল ব্যস্ত হৈ পৰে নিজৰ নিজৰ বিজ্ঞাপন তৈয়াৰ কৰাত আৰু ইউটিউৱ ভৰি পৰে নানা ৰঙী গীতেৰে । দৰ্শক সকল বৰ্তমান বিহুনামৰ মাধুৰ্য্য উপভোগ কৰিবলৈ সাংস্কৃতিক সন্ধিয়ালৈ নেযায়,তেওঁলোক আহে বাদ্যযন্ত্ৰৰ ছন্দত নিজকে উটোৱাই দিবলৈ । এই নানা ৰঙী গীত সমূহৰ আয়ুস তেনেই চুটি ।সেয়েহে শিল্পী সকলে নিত্য নতুন পৰীক্ষা-নিৰিক্ষাত ব্যস্ত থকিব লগা হয় । বহুলোকে কব খোজে যে এই পৰীক্ষা সমূহে বিহুক বিজতৰীয়া কৰিলে । এই সমুহকে লৈ বৰ্তমান সময়ত বহু সমালোচনা হোৱা দেখা যায় । দুফাকি মানৰ উদাহৰণ তলত দাঙি ধৰা হ’ল-
                                     “টেক্সি গাড়ীলৈ যাম শ্বিলংত
                                        আইঐ দেহি তইও যাবি লগত”
                                       “বাতি ভৰাই বয়লাৰ মাংস
                                         গিলাচ ভৰাই মাল”
                                     “ ফাল্টো বুলি নেভাবিবা ক্ৰেদিত মোৰো আছে
                                       তিনি চাৰি জনী ছোৱালী মোৰ ঘূৰে পাছে পাছে”
অনাগত দিনত বিহুনামত আৰু কি কি পৰিৱৰ্তন আহিব আৰু সেই সমূহ কিমান দীৰ্ঘস্থায়ী হয় সেয়া সময়ে কব। কিন্ত পৰম্পৰাগত বিহুনামৰ সন্মান যে সদায়ে থাকিব সেয়া নিশ্চিত । ।‘বিহুগীতৰ সাহিত্যি আৰু সাংগীতিক ভেটিৰ ওপৰতে থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ’ এই কথা শিল্পী সকলে যিমানে সোনকালে বুজি উঠিব সিমানেই জাতিৰ বাবে মংগল জনক হব ।
সহায়ক গ্ৰন্থ সমূহ :
১) অসমীয়া লোকগীতি সঞ্চয়ন---- ড: হেমন্ত কুমাৰ শৰ্মা
২) ব্যাস সংগীতৰ ৰূপৰেখা------- দুৰ্গেশ্বৰ নাথ ওজা
৩) বিহুনামৰ তাৎপৰ্য্য আৰু নান্দনিক সৌন্দৰ্য্য--- তীৰ্থ ফুকন
৪)বিহুগীতত আখ্যান-গীত--------ড: অনিল শইকীয়া (প্ৰবন্ধ-জনম্ভূমি-ৰঙালী বিহু সংখ্যা,২০১২)
৫)ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ্য কলা—ড: নবীন চন্দ্ৰ শৰ্মা
৬) ঢকুৱাখনা ফাত বিহুত ব্যৱহৃত বিহুনাম (লেখিকাৰ নিজা সংগৃহিত)