https://youtu.be/P-H2ATIL91Y
Saturday 6 October 2018
Monday 1 October 2018
Saturday 3 March 2018
Friday 2 March 2018
Sunday 25 February 2018
Friday 23 February 2018
Saturday 10 February 2018
Friday 9 February 2018
সংগীতৰ পৰিৱৰ্তিত ৰূপ আৰু কল্পনা বিলাস
আজি কিছু বছৰ ধৰি অসমৰ সংগীতত আকাশে বতাহে কেৱল
বিহু,বিহু আৰু বিহু ।পৰিপক্ক সংগীত শিল্পীৰ পৰা ন-শিকাৰুলৈ সকলোৱে বিহু গায় ।কেনেবাকৈ হলেও পইচাৰ যোগৰ কৰি
এটি স্ব-ৰচিত বা অন্য গীতিকাৰৰ বিহু গীতলৈ, তাৰ ভিডিঅ' তৈয়াৰ কৰি নিজৰ প্ৰচাৰ চলায় ।বিক্ৰি কৰিবলৈ উপায় নাই ।সেয়ে youtube
এক নিৰ্ভয় যোগ্য আশ্ৰয় ।তাৰে কিছু গীত দীৰ্ঘ
দিনৰ বাবে মানস পটত ৰৈ যায় অৰু কিছুমানে এটি বসন্তহে খলকনি তুলিবলৈ সক্ষম হয় ।এইবোৰৰ মাজতে সমালোচকৰ তীক্ষ্ণধাৰ বাক্যই পিচ লৈ থাকে
।সমালোচনাই সচেতন শিল্পীসকলৰ পৰিপক্কতা বৃদ্ধিহে কৰে আৰু অন্যান্য সকল মেঘৰ গাজনিৰ
দৰে মাৰ যায় ।
এই বিহুৱেই হওক বা বেলেগ বেলেগ বিভাগৰ সংগীতেই
হওক ,তাৰ সৃষ্টিত থাকে এগৰাকী মাতৃয়ে এটি শিশু জন্ম
দিয়াৰ দৰে উৎসাহ,হৰ্ষ আৰু প্ৰসৱ
বেদনা ।এই সৃষ্টৰ উৎস হ'ল মানুহৰ মন । সঙ্গীত হ'ল এক শিল্প । এই শিল্পৰ ৰূপ দিবলৈ শিল্পীয়ে কল্পনা শক্তিক সুৰৰ ৰূপত প্ৰত্যক্ষ কৰায়।
মানুহৰ শৰীৰত মনে, বিচাৰ বুদ্ধিৰ কাম কৰে। কল্পনা হ'ল মনৰ এক বিশিষ্ট শক্তি। কল্পনা শক্তিৰ দ্বাৰা মানুহে বিচিত্ৰতাৰ মাজত ঐক্যৰ সন্ধান কৰে আৰু একক ভাঙি বহু বিচিত্ৰতাৰ সৃষ্টি কৰে।সঙ্গীত সৃষ্টিৰ মূলতে কল্পনাই কাম কৰে। যি বিলাক বিষয় প্ৰত্যক্ষ কৰা নাযায় কেৱল অনুভৱ আৰু অনুমান কৰিব পাৰি তাক কল্পনাৰ সহায়ত মগজুৱে প্ৰত্যক্ষ কৰে। এনেদৰে সঙ্গীতৰ নৱ-নৱ ৰূপ সৃষ্টি হয়। শিল্পীৰ সৃষ্টি সুলভ মনৰ দ্বাৰা সঙ্গীতে বৈচিত্ৰতা লাভ কৰে। প্ৰাচীনকালত ধৰ্মৰ দ্বাৰা মানৱ সমাজ আৰু ব্যক্তিৰ জীৱন শাসিত হৈছিল। মানুহৰ কল্পনা শক্তিৰ দ্বাৰা মূৰ্তিমন্ত ভভগৱানক পূজা-অৰ্চনা কৰিছিল। অন্য কথাত সঙ্গীতৰ দ্বাৰাই দেৱলোকৰ লগত সম্পৰ্ক স্থাপন কৰিছিল।
প্ৰাচীন শাস্ত্ৰকাৰ সকলে ব্ৰহ্মা, শিৱ, সৰস্বতী, নাৰদ আদি দেৱ-দেৱী সকলক সঙ্গীতৰ উৎস ৰূপে কল্পনা কৰিছিল আৰু প্ৰধান প্ৰধান ৰাগ সমূহ তেওঁলোকৰ মূৰ্ত্তিমান ৰূপ ধ্যান কৰি ৰচনা কৰিছিল। উদাহৰণ স্বৰূপে ভৈৰৱ, শঙ্কৰা আদি দেৱাদিদেৱ শিৱৰ ধ্যান কৰি, বাগেশ্ৰী সৰস্বতী দেৱীৰ ধ্যান কৰি ইত্যাদি ।
অসমীয়া লোক সঙ্গীতত পোৱা যায়---
“ হৰ হৰ নন্দী ভৃঙ্গী
স্ত্ততি কৰে গন্ধৰ্ব কিন্নৰে------
সদাশিৱ দেৱ-দিগম্বৰ-----”
“সঙ্গীত দৰ্পণত” কল্পনা কৰা হৈছে –“ বিষ্ণুৰূপো মেঘ ৰাগো বীৰৰসে প্ৰযোজ্যতে”-----
মানুহে সঙ্গীত সৃষ্টি কৰোতে তাৰ বিষয় বস্তু কেৱল দেৱ-দেৱীতে যে সীমাবদ্ধ ৰাখিছে তেনে নহয়। শিল্পীৰ কল্পনাত ক্ৰমে মানৱ মূৰ্ত্তিয়ে ৰাগ ৰূপ লবলৈ ধৰিলে। দামোদৰ দেৱে শ্ৰীৰাগত ধ্যান কৰিছে,“শ্ৰীৰাগৰাজঃ ক্ষিতিপাল মূৰ্তিঃ।” ৰাগৰ কল্পনাৰ এই ধাৰা প্ৰসাৰ ঘটি ৰসিক সকলে ৰাগসমূহক ক্ৰমে স্ত্ৰী-পুৰুষ ভেদে কল্পনা কৰি তাৰ মাজত পতি-পত্নী, পুত্ৰ-কন্যা, পুত্ৰ-বধু আদি সম্পৰ্কও স্থাপন কৰে। সঙ্গীত মকৰন্দ গ্ৰন্থত নাৰদে ৰাগ সমূহক তিনিটা ভাগত বিভক্ত কৰিছে। ভাগ সমূহ হ’ল
স্ত্ৰী-পুৰুষ আৰু ক্লীৱ ।দামোদৰদেৱে সঙ্গীত দৰ্পণত উল্লেখ কৰিছে যে - -
“ভৈৰৱঃ কৌশিকশ্বেৰ হিন্দোলো দীপকস্তথা ।
শ্ৰীৰাগো মেঘৰাগশ্ব ষড়েতে পুৰুষাহ্বায়াঃ ।।”
এই ছয় ৰাগৰ প্ৰত্যেকৰে পাচ গৰাকীকৈ পত্নী কল্পনা কৰি মুঠ ত্ৰিশটা ৰাগিনীৰ সৃষ্টি কৰিছিল।সঙ্গীত সৃষ্টিত কল্পনা ইয়াতে স্থবিৰ হোৱা নাই। সামাজিক বিবৰ্তনৰ লগে লগে কল্পনাৰ পৰিধি বহল হৈ দূৰ দিগন্ত স্পৰ্শ কৰিছে। লোক-সঙ্গীত আৰু শাস্ত্ৰীয় সঙ্গীতৰ সমন্নয় ঘটি নৱ-নৱ ৰাগৰ সৃষ্টি হৈছে। পাশ্চাত্য আৰু ভাৰতীয় সঙ্গীত মিহলি হৈ নতুন ফিউজন ৰূপ পাইছে। সঙ্গীত প্ৰেমিক ৰসিক শিল্পী সকলৰ কণ্ঠ আৰু সূৰ যিমান দূৰ অতিক্ৰম কৰিছে সঙ্গীতৰ বিষয় বস্তুৱেও সিমানেই বৈচিত্ৰতা লাভ কৰিছে। নৱ-নৱ বাদ্যৰ স্ংযোজনেও নতুন সঙ্গীত সৃষ্টিত অৰিহনা যোগাইছে। সামাজিক বিবৰ্তনৰ লগে লগে ৰসিক শ্ৰুতা আৰু সঙ্গীত শিল্পীৰো ৰুচিবোধৰ পৰিবৰ্তন হৈ আহিছে।সাহিত্য আৰু সঙ্গীতৰ ধাৰা বোৱতী নহলে ই
জীয়াই থাকিব নোৱাৰে। সেয়ে জীয়াই ৰখাৰ তাড়নাতেই হওঁক বা কল্পনা বিলাসৰ বাবেই হওঁক সঙ্গীত সৃষ্টিত বৰ্তমান সমগ্ৰ পৃথিৱীৰ দৈনন্দিন ঘটনা, ইতিহাস, প্ৰকৃতি, জলবায়ু , ৰাজনৈতিক উৎথান-পতন, খাদ্য, পোচাক, উৎসৱ, ইন্টাৰনেটৰ ব্যৱহাৰ আদি্য়ে স্থান পাইছে । বৰ্তমান
মানুহে পাচ-দহ মিনিটমানৰ ভিতৰত সংগীতৰ সকলো প্ৰকাৰৰ ৰস
উপভোগ কৰিব বিছাৰে । ৰসিক শ্ৰুতা সকলৰ মাজত সেয়ে উৎকৃষ্ট সাহিত্য লগা ফিউজন
মিউজিকৰ আদৰ বেছি । আসমত নিশাৰ
ভাগত অনুস্থিত হোৱা বিহুৰ সাংস্কৃতিক অনুস্থান বোৰত দৰ্শকক সংগীতত ভাষাৰ
মায়াজালতকৈ বাদ্য-যন্ত্ৰৰ শব্দৰ
মায়াজালে বেছিকৈ আকৰ্ষিত কৰে । সেয়ে হয়তো কেতিয়াবা ডিস্ক' ভণ্টিয়ে নিৰমা পাউদাৰে কাপোৰ-কানি ধুই নিয়ে আৰু কেতিয়াবা সেলফি মাৰি টেক্সি গাড়ীখনত
শ্বিলংলৈ যায় ।
সংগীত সৃষ্টিত মানৱৰ কল্পনা বিশ্বায়নে অধিকাৰ কৰি ললেও, মানৱৰ পৰস্পৰ লগত থকা আৱেগ অনুভূতিৰ সম্পৰ্কই সদায় অগ্ৰাধিকাৰ পাইছে আৰু আগলৈও পাই থাকিব ।
Subscribe to:
Posts (Atom)