Thursday, 13 June 2019

সংগীতত গুৰু- শিস্য পৰম্পৰা



                 সংগীতত গুৰু- শিস্য পৰম্পৰা
                                                     হিৰন্ময়ী দাস গগৈ
                                                       দুলীয়াজান
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু ,গুৰু দেৱ মহেশ্বৰ
গুৰু সক্ষাৎ পৰম ব্ৰহ্ম ,তস্মৈ শ্ৰীগুৰুৱে নম: ।।
অৰ্থাৎ শিক্ষাদাতা গুৰু হ’ল ত্ৰিদেৱ, ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰ ।এই গুৰুতে শিস্যই পৰম ব্ৰহ্মক দেখা পায় ।

প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিত উপৰুক্ত সংস্কৃত ভাষাৰ শ্লোকটিৰ মহত্ব শিক্ষাৰ্থী সকলৰ বাবে ভগৱানৰ  অঘোষিত বাণী আছিল । যি গুৰুকুল নাইবা গুৰু আশ্ৰমত, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ মধুৰ আৱেগিক আৰু ঈশ্বৰীক সম্পৰ্ক স্থাপনত সহায়ক হৈছিল। সময়ৰ বিৱৰ্তনত শিক্ষাই, গুৰুকুল ত্যাগ কৰি বিদ্যালয় মূখী হোৱাৰ পৰা গুৰুৰ স্থান ভগৱানৰ শাৰীৰ পৰা সাধাৰণ শাৰীৰ মানুহলৈ নামি আহিল । কিন্তু বৰ্তমান সময়তো সংগীত হ’ল এনে এটা বিষয় য’ত পৌৰাণিক গুৰু-শিস্যৰ পৰম্পৰা এতিয়াও দেখিবলৈ পোৱা যায় । বৰ্তমান সময়ত কেৱল সংগীত বিষয়ৰ বিদ্যাৰ্থী সকলকহে সততে, শিক্ষকৰ ভৰি চুই প্ৰণাম কৰা দেখা যায় । তাৰোপৰি গুৰুৰ নাম উচ্চাৰণ কৰিলে দুয়োহাতে কাণ স্পৰ্শ কৰি ,এই অপৰাধৰ ক্ষমা বিছাৰে । অন্যান্য শিক্ষাৰ বিষয়ত যিকোনো ছাত্ৰ বা ছাত্ৰীক তেওঁলোকে অধ্যয়ন কৰা শিক্ষানুস্থানৰ নাম সোধাৰ নিয়ম যদিও সংগীতৰ ক্ষেত্ৰত একোজন শিল্পীক,কেৱল গুৰুৰ নামহে সোধাৰ পৰম্পৰা বৰ্তমানতো প্ৰচলিত । সেয়েহে সংগীতত ,একোজন প্ৰতিস্থিত গায়ক নাইবা নৃত্য শিল্পীক তেখেতৰ গুৰুৰ নামেৰে জনা যায় ।
পৌৰাণিক ভাৰতবৰ্ষত ৰামায়ন,মহাভাৰত,বেদ,উপনিষদ আদি কৰি সকলো মহাকাব্য কথিত ভাৱে প্ৰচলিত আছিল। গুৰু সকলে মহাকাব্য সমূহৰ পদাৱলী আবৃত্তি কৰি গৈছিল আৰু শিস্য সকলে শ্ৰৱণ কৰি আওঁৰাইছিল। এইদৰে পুৰুষানুক্ৰমে শিক্ষা ব্যৱস্থা চলি আছিল আৰু আজিৰ পৰা প্ৰায় আঠশ বছৰ মানৰ আগতহে মহাকাব্য সমূহ লিপিবদ্ধ হৈছে। আদিকবি বাল্মিকিৰ সময়ৰ পৰা ৰামায়ন লিপিবদ্ধ হোৱালৈ বিভিন্ন ঠাই বাগৰি আৰু অলেখ মুখ বাগৰি বৰ্তমান প্ৰায় তিনিশৰ অধিক প্ৰান্তীয় ৰামায়ন পোৱা যায় য’ত ইখনৰ পৰা সিখনৰ বৰ্ণনাত যথেষ্ট পৰিমানে ভিন্নতা দেখা যায় । এইকথা উল্লেখ কৰাৰ মূখ্য কাৰণ হ’ল গুৰু মূখী শিক্ষা ব্যৱস্থাৰ বিষয়ে বুজি পোৱাটো সহজ কৰি তোলা ।
মূলত গুৰু-শিস্য পৰম্পৰাৰ আৰম্ভনি হৈছিল , অৰণ্যৰ মাজত আশ্ৰম তৈয়াৰ কৰি পৰিপক্ক ব্যক্তিৰ পৰা ব্যৱহাৰিক ভাৱে জীৱন জাপনৰ জ্ঞান আৰ্জন কৰা । লগতে মৌখিক পৰম্পৰাৰে বেদ বেদান্তৰ জ্ঞান ছাত্ৰ সকলক প্ৰদান কৰা । ইয়াত শ্ৰৱণ আৰু কথন প্ৰথাৰ উত্তম ব্যৱহাৰ হৈছিল । প্ৰতিকূল যাতায়তৰ বাবে শিস্য সকল গুৰু গৃহত নিজৰ সন্তানৰ দৰে বাস কৰি ,শিক্ষা লাভৰ লগতে পৰ্য্যমানে গুৰু সেৱাও কৰিছিল । গুৰুৰ আশ্ৰমত ৱৰ্ণ ভেদে শিক্ষা প্ৰদান হৈছিল । ৰাজপুত্ৰ সকলে অস্ত্ৰ চালনাৰ লগতে ৰাজনীতি, অৰ্থনীতিৰ শিক্ষা লৈছিল । অন্যান্য সকলেও নিজৰ নিজৰ জন্মগত ভাবে লাভ কৰা বৃত্তি সমূহৰ শিক্ষা গ্ৰহণ কৰিছিল। তাৰ বাবে শিস্য সকলে উচৰ্গীত মনোভাবেৰে  শিক্ষা গ্ৰহন কৰিব লগিছিল । আশ্ৰমত বিদ্যা আৰ্জনৰ বিনিময়ত, সকলো ছাত্ৰই গুৰু গৃহৰ যাৱতীয় কাম-কাজ কৰিব লগাত পৰিছিল ।ইয়াৰ ভিতৰত মুখ্যত আছিল হাবিৰ মাজৰ পৰা খৰি আৰু খোৱা পানী সংগ্ৰহ কৰা, প্ৰয়োজন সাপেক্ষে কৃষি কৰ্ম আৰু ফল-মূল সংগ্ৰহ কৰা, গুৰু গৃহ পৰিষ্কাৰ কৰা ইত্যাদিৰ উপৰিও গুৰুৰ কপোৰ কানি ধুই নিকা কৰি তেখেতৰ বাবে ৰন্ধা-বঢ়া কৰাও অন্যতম । এই  শিক্ষা  ব্যৱস্থা সমূহৰ ভিতৰত সংগীত এনে এটি বিষয় যি মৌখিক পৰম্পৰাক প্ৰকৃত ৰূপ প্ৰদান কৰাত সফল হিচাপে পৰিগনিত হৈছিল । এই শিক্ষা দান ব্যৱস্থাত গুৰু-শিস্য পৰম্পৰাৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত হৈছিল । কাৰণ, সংগীত এক ব্যৱহাৰিক বিষয় আৰু ইয়াৰ তাত্বিক দিশটো  ব্যৱহাৰিক দিশতকৈ বহু নতুন । ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰ্য্য হ’ল  গায়ন আৰু শ্ৰৱণ । গুৰুৰ সমুখত বহি শিস্যই কণ্ঠ অনুশীলন কৰা আৰু পৰম্পৰাগত ৰাগৰ জ্ঞান লাভ কৰে। এই শিক্ষা লাভ কৰি শ্ৰুতাৰ সমূখ পৰিৱেশনৰ উপযুক্ত হোৱালৈ বহু দীঘলীয়া সময়ৰ বাবে ছাত্ৰ সকলে, গুৰুৰ সানিধ্যত পাৰ কৰিব লগা হয় । এই সানিধ্যই দুয়োৰে মাজত এক ঈশ্বৰীক সম্বন্ধ প্ৰতিস্থা কৰে । শিস্য সকলৰ মাজত এক বিশ্বাসৰ জন্ম হয় যে আজীৱন গুৰু সেৱাত ব্ৰতী হলেহে প্ৰকৃত জ্ঞান আহৰণ সম্ভৱ হব পাৰে । এই মৌখিক শিক্ষাৰ প্ৰচলনেই হল গুৰু-শিস্য পৰম্পৰাৰ মূখ্য ৰূপ ।
ভাৰতবৰ্ষত সেয়েহে শাস্ত্ৰীয় সংগীতৰ অলেখ ঘৰানাৰ উৎপত্তি হয় । সংগীতৰ গুৰু সকলৰ প্ৰাণত এক ভাৱ সদায় সঞ্চাৰহৈ থাকে যে, শিস্য জনে ভবিষ্যতে তেখেতৰ প্ৰকৃত ছবি প্ৰতিফলিত কৰিব পাৰিব আৰু অন্যহাতেদি শিস্য জনৰ মনৰ মাজত সদায় এটি ভাৱেই দুলি থাকে যে তেওঁ গুৰুৰ নাম উজলোৱাৰ লগতে গুৰুজনাক গৌৰৱৰ ভাগি কৰিব পাৰিলেহে তেওঁ প্ৰকৃত শিক্ষা আহৰনত সফল হব । এই পৰম্পৰা আৰু উচৰ্গীত মনোভাৱে গুৰু-শিস্য পৰম্পৰাক অধিক মহীয়ান কৰি তুলিছে । সংগীতৰ শিক্ষা, ঘৰানাৰ পৰা বিদ্যালয় ,বিশ্ববিদ্যালয়লৈ গতি কৰিলেও ইয়াত গুৰু শিস্যৰ মৌখিক শিক্ষাদানৰ পৰম্পৰা অবিহনে এই শিক্ষা সদায় অসম্পূৰ্ণ । সংগীত গুৰুমূখী বিদ্যা আৰু গুৰুৰ সমূখত পৰিৱেশনৰ অগ্নি পৰীক্ষাত অৱতীৰ্ণ নোহোৱালৈ এই শিক্ষা অসম্পূৰ্ণ । ভাৰতনাত্যমত এক পৰম্পৰাগত “আৰেংগেত্ৰম” নামেৰে প্ৰথা এতিয়াও প্ৰচলিত ,য’ত গুৰুৱে শিস্যক প্ৰশিক্ষনৰ অন্তত পৰীক্ষালৈ,উপযুক্ত বিবেচনা কৰিলে, আহাৰ্য অৰ্থাৎ ভৰিৰ নুপুৰ প্ৰদান কৰে । কৰ্ণাটকী সংগীতৰ গায়ন পদ্ধতিত,গুৰুৱে শিস্যক কেৱল মৌখিক ভাৱেহে শিক্ষা প্ৰদান কৰে আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ গায়ন ব্যৱস্থাত গুৰুৱে সাধাৰনতে উপযুক্ত শিস্যক একেখন মঞ্চত বহিবলৈ অনুমতি প্ৰদান কৰা দেখা যায় । শিস্য সকলে নিজৰ মঞ্চ যাত্ৰা গুৰু পদ স্পৰ্শ কৰি আৰম্ভ কৰে আৰু ইয়াৰ অন্ত:নিৰ্হিত অৰ্থ হ’ল এয়ে যে, “হে গুৰুদেৱ আপোনাৰ পদধূলাৰ জৰিয়তে আপোনাৰ জ্ঞানৰ সামান্য পৰিমান আমি লাভ কৰিব পাৰো”। এই পৰম্পৰাই সংগীতক সদায়ে মহীয়ান কৰি ৰাখিব ।