Sunday 23 November 2014

বৈদিক যুগৰ সংগীত


                              হিৰন্ময়ী দাস গগৈ 

ভাৰতীয় সভ্যতাৰ বৈদিক যুগ ঋগবেদৰ ৰচনাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল  প্ৰাক বৈদিক যুগৰ  পৰা খ্ৰীষ্টপূৰ্ব ৫০০-১৫০ বছৰ পৰ্য্যন্ত বৰ্তী আছিল লিপিবদ্ধ ইতিহাসৰ অভাৱত ইয়াৰ সময় নিৰ্ণয় কৰা অতি কঠিন মধ্য এচিয়াৰ পৰা প্ৰবজন কৰা আৰ্য্য সকলে ঋকবেদক মুখে-মুখে কঢ়িয়াই আনিছিল বুলি কিছু ইতিহাসবিদে কব খোজে সেই সময়ত চাৰিওখন বেদ মুখে-মুখেহে প্ৰচলিত আছিল এইযুগ পাৰহৈ যোৱাৰ বহুপিচতহে বেদসমূহক লিপিবদ্ধ কৰা হয় 
  প্ৰাকবৈদিক কালৰ পৰাই ভাৰতীয়লোকে সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু মনৰ ভাব বিনিময়ৰ মাধ্যম হিছাবে সংগীত ব্যৱহাৰ কৰিছিল
বৈদিক যুগৰ সংগীত কেনে আছিল তাক অনুমান কৰা অতি কঠিন প্ৰাকবৈদিক যুগৰ সংগীতক সকলোৱে শৈৱ সংগীত বুলি কব খোজে ভাৱবাদী দৰ্শন অনুসৰি নটৰাজ শিৱৰ পৰাই প্ৰাকবৈদিক যুগৰ সংগীত সৃষ্টি হৈছিল সংগীতৰ মেৰুদণ্ড স্বৰূপ তাল শব্দটো শিৱ-পাৰ্ৱতীৰ পৰাই সৃষ্টি হোৱা শিৱৰ তাণ্ডৱ নৃত্যৰ পৰাতাআৰু পাৰ্ৱতীৰ লাস্য নৃত্যৰ পৰাকলৈ তালৰ সৃষ্টি হোৱা বুলি প্ৰবাদ আছে যদি আমি বস্তুবাদী দৰ্শন বিশ্লেষণ কৰো তেন্তে সেই সময়ত মনুহে হয়টো সমাজ পাতি বাস কৰিবলৈ আৰম্ভহে কৰিছিল আৰু মনৰ আবেগবোৰ (আনন্দ,বেজাৰ,খং আদি )প্ৰকাশ কৰিবলৈ নাদ (সংগীতৰ উপযোগী ধ্বনি ) ব্যৱহাৰ কৰিছিল অৰ্থাৎ সুৰৰ দ্বাৰা ভাৱ প্ৰকাশৰ কৌশল আয়ত্ব কৰিছিল বৈদিক যুগৰ আৰম্ভ হোৱাৰ লগে-লগে সমাজ ব্যৱস্থাৰো আমূল পৰিৱৰ্তন আহে সমাজ দুটা শ্ৰেণীত বিভক্ত হয় ; ৰজা আৰু প্ৰজা , ঐশ্বৰীক শক্তিক সংগীতৰ দ্বাৰা আৰাধনা কৰিবলৈ আৰম্ভ কৰে ভগৱান আৰু দেৱ-দেৱী সকলৰ পূজা-অৰ্চনাৰ ববে যজ্ঞ সমূহৰ আয়োজন  কৰে যজ্ঞ সমূহক কেন্দ্ৰ কৰিয়েই বৈদিক সংগীৰ উৎপত্তি বুলি অনুমান কৰা হয় ইয়াত ৰজা-প্ৰজা সকলোৱে অংশগ্ৰহণ কৰিছিল যজ্ঞ সমূহেই আছিল প্ৰথম পৰিকল্পিত সংগীতৰ আধাৰ প্ৰথমে এটিস্বৰত আৰু পিছলৈ দুটা স্বৰত বেদৰ শ্লোক সমূহ গোৱা হৈছিল সময়ৰ পৰিবৰ্তনত বেদৰ শ্লোক সমূহ পিছলৈ তিনিটা স্বৰত গোৱা হৈছিল সেই সময়ত আৰণ্যক সংহিতা,পূৰ্বাচিক,উত্তৰাচিক,গ্ৰাম-গেয় গান, অৰণ্য-গেয় গান, স্তোভাক্ষৰ (নোম,তোম,ঋৰে,না ইত্যাদি )আদি সংগীতৰ প্ৰচলন আছিল ব্ৰাহ্মণ স্ংহিতা আৰু প্ৰতিশাক্ষ যুগলৈ এই সংগীতৰ প্ৰচলন আছিল এই সুদীৰ্ঘ কালৰ পৰিক্ৰমাত সংগীতৰ চৰ্চাৰ যথেষ্ট পৰিৱৰ্তন আৰু পৰিবৰ্ধন হয় চাৰিওখন বেদৰ  (ঋকবেদ,যজুঃবেদ,সামবেদ আৰু অৰ্থববেদ ) ভিতৰত কেৱল সামবেদত সংগীতৰ উপকৰণ পোৱা যায় এক বিচিত্ৰ চন্দ আৰু স্বৰ বিন্যাসত সামবেদৰ শ্লোকসমূহ গোৱা হৈছিল সেই সময়ত যি তিনিটা স্বৰত শ্লোকসমূহ গোৱা হৈছিল সেই সমূহ হ ; উদ্দাত্ত, অনুদ্দত্ত আৰু স্বৰিত যাক বৰ্তমানৰ স্বৰৰ লগত তুলনা কৰা অতি কঠিন শিক্ষা আৰু প্ৰতিশাক্ষ গ্ৰণ্ঠত এই তিনি স্বৰৰ উল্লেখ পোৱা যায় পৰৱৰ্তী কালত এই তিনি স্বৰৰ বৰ্গীকৰণ সংগীতৰ ক্ষেত্ৰত অতি মহত্বপূৰ্ণ আৰু মৌলিক সংযোজন বুলিব পাৰি যজ্ঞবল্ক্য আৰু পানিণীৰ ৰচিত গ্ৰ্ন্ঠ অনুসৰি  এই তিনি আদিস্বৰৰ পৰাই স্বৰজাতিৰ সাতস্বৰৰ উৎপত্তি হয়

ওচ্চৌ নিষাদ গান্ধাৰৌ নীচৌ ঋষভ ধৈৱতৌ
শেষাস্তো স্বৰিতা: জ্ঞেয়া: ষড়জ মধ্যম পঞ্চম:”।।
এইদৰে অনুদ্দাত্তৰ পৰা ঋষভ আৰু ধৈৱত ; উদ্দাত্তৰ পৰা নিষাদ আৰু গান্ধাৰ আৰু স্বৰিতৰ পৰা ষড়জ, মধ্যম আৰু পঞ্চমৰ সৃষ্টি হৈছিল অনুদ্দাত্তক মন্দ্ৰ ; উদ্দাত্তক তাৰ আৰু স্বৰিতক সমতা ৰক্ষক মধ্য স্বৰ বোলা হয় উপৰোক্ত বৈদিক স্বৰবোৰৰ নিৰ্দিষ্ট তীক্ষ্ণতা আৰু মান আছিল আৰু এই স্বৰসমূহ তিনিও সপ্তকত (তাৰ,মধ্য আৰু মন্দ্ৰ ) বিস্তৃত হৈ আছিল বৈদিক শ্লোক সমূহ অবৰোহনাত্মক অৰ্থাৎ উচ্ছ নাদ বিশিষ্ট স্বৰৰ পৰা নিম্ন নাদ বিশিষ্ট স্বৰ অভিমুখে পৰিবেশণ কৰা হৈছিল
সামবেদত সংগীতক পূৰ্বাচিক আৰু উত্তৰাচিক নামৰ দুটা ভাগত বিভক্ত কৰা হয় পূৰ্বাচিকক গ্ৰামগেয় আৰু অৰণ্যগেয় নামে দুটা ভাগত আৰু উত্তৰাচিকক ঔহ আৰু ঔহ্য নামৰ দুটা ভাগত বিভক্ত কৰা হৈছে ঔহ আৰু ঔহ্য দুয়োবিধ ৰহস্য গীত, সেয়ে ইয়াক সকলোৱে গাব নোৱাৰে উপনিষদৰ ৰহস্য জনা সাধকহে এই দুয়োবিধ গীতৰ অধিকাৰী গ্ৰামগেয় গান গ্ৰামানঞ্চলৰ জনসাধাৰণৰ বাবে আৰু ইয়াক সকলোৱে গাব পাৰে অৰণ্যগেয় গীত সমূহ নিৰ্জন অৰণ্যত গোৱা হৈছিল     এই শ্ৰেণীৰ গীত সমূহৰ বিস্তৃত পৰিচয় প্ৰতিশাক্ষাকাৰ পূণ্যৰ্ষী আৰু আজাদশত্ৰুৱে তেওঁলোকৰ নিবন্ধসমূহত বৰ্ণনা কৰিছে

বৈদিক যুগৰ সংগীতত প্ৰচলিত সাত স্বৰৰ নাম আছিল ক্ৰুষ্ট, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, মন্দ্ৰ আৰু অতিস্বাৰ্য্য বৈদিক সহিত্যত ইয়াৰ নাম অভিনিহিত, প্ৰাশ্লিষ্ট, জাত্য, ক্ষেত্ৰ,পাদবৃত্ত,তেৰব্যঞ্জণ আৰু তেৰবিৰাম বুলি পোৱা যায় বৈদিক গীত যজ্ঞবেদীৰ সন্মূখত গোৱা হৈছিল শতপথ ব্ৰাহ্মণনামৰ গ্ৰন্ঠত ঋত্বীক আৰু তেওঁৰ পত্নীৰ নৃত্য-গীতৰ উল্লেখ পোৱা যায় যজ্ঞবেদীৰ চাৰিও ফালে একত্ৰিতহৈ ঋত্বীক আৰু তেওঁৰ পত্নীৰ লগতে উপস্থিত লোক সকলে বিভিন্ন অংগী- ভংগী কৰি গীত আৰু তালৰ লয়ত নৃত্য কৰিছিল বৈদিক গীত প্ৰস্ত্বা,হুংকাৰ,উদগ্ৰীথ,প্ৰতিহাৰ,উপদ্ৰৱ,নিধান আৰু প্ৰণৱ নামে সাতটা ভাগত বিভক্ত কৰা হৈছে সেই সময়ত সংগীতত বীণা,বেণু,দুন্দুবি আদি বাদ্যৰ প্ৰচলন আছিল - বছৰৰ ক্ৰমপৰিবৰ্তন আৰু পৰিবৰ্দ্ধনৰ মাজেৰে বৈদিক সংগীতে ভাৰতীয় সংগীতৰ আধাৰ তৈয়াৰ কৰিছিল সামবেদৰ শ্লোকসমূহ এতিয়াও কোনো-কোনো সংগীতজ্ঞই তিনিটা স্বৰত পৰিবেশণ কৰে পৰিবেশণকাৰী আৰু পৰিবেশণৰ প্ৰয়োজনীয়তাৰ ওপৰত ,ব্যৱহৃত স্বৰসমূহৰ কিছু তাৰতম্য ঘটে বৰ্তমান বৈৰাগী ভৈৰৱ নামৰ ৰাগত সাৰ্বজনীন ভাবে বৈদিক শ্লোকসমূহ পৰিবেশণ কৰা হয় বৈদিক যুগৰ সংগীত কেৱল গীত নহয় , এক যুগৰ সভ্যতা আৰু সংস্কৃতিৰ আধাৰ বৰ্তমানৰ ভাৰতীয় সংস্কৃতিৰ বিশাল ভেটী বৈদিক যুগতেই স্থাপন হৈছিল নবপ্ৰজন্মৰ মাজত ফিউজন সংগীতৰ জনপ্ৰিয়তালৈ চাই , সংগীত শিল্পীসকলে বৈদিক শ্লোক সমূহকো প্ৰাধান্য দিয়া উচিৎ বৰ্তমানৰ সংগীত পেনদ্ৰাইভ,লেপটপ, হাৰ্ডদিচ আদিৰ দৰে সুক্ষ্ম যন্ত্ৰৰ মাজত আবদ্ধহৈ পৰিছে সেয়েহে ভাৰতীয় সংস্কৃতিৰ শিপা সুদৃহ কৰিবলৈ বৈদিক শ্লোক সমূহকো ফিউজন সংগীতৰ অন্তৰ্ভূক্ত কৰি ডিজিটেল ৰূপ দিয়াৰ সময় আহি পৰিছে

No comments:

Post a Comment