হিৰন্ময়ী
দাস গগৈ,
মানৱ
সমাজত প্ৰচলিত প্ৰাচীনতম সঙ্গীত হ’ল লোকসঙ্গীত। ইয়াক দেশী-সঙ্গীত নামেৰেও জনা যায় । কথাৰে, সুৰেৰে মনৰ ভাৱ
প্ৰকাশ কৰা, মানৱ সমাজৰ বৈশিষ্ট । এই সংগীত হ’ল মানৱ জীৱনৰ এটি শ্ৰেষ্ঠতম আবিষ্কাৰ
। “যি সঙ্গীতৰ কথা আৰু সুৰক কোনো বিশেষ ব্যাকৰণেৰে বান্ধি নাৰাখি স্বতঃস্ফুতভাৱে আৱেগৰ বৰ্হি প্ৰকাশ ঘটাই, নিজৰ
লগতে আনকো আনন্দ দিব পাৰি সিয়েই লোকসংগীত”। অসমীয়াৰ লোকসঙ্গীতো ইয়াৰ ব্যতিক্ৰম নহয়।
অসমত প্ৰচলিত লোকসঙ্গীতক কেৱল এটি
নিৱন্ধৰ দ্বাৰা সামৰি লোৱা সম্ভৱ নহয়। তথাপিও এই আলোচনাৰ জৰিয়তে অসমত প্ৰচলিত লোকসঙ্গীতৰ সামান্য আভাস দিবলৈ যত্ন কৰা হৈছে।
বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰে পৰা অসমত অতি উচ্চমান বিশিষ্ট সঙ্গীতৰ
প্ৰচলন আছিল। পৌৰাণিক আখ্যান সমূহৰ জৰিয়তে জানিব পৰা যায় যে, বাণ ৰজাৰ জীয়াৰী উষাৰ
সখি “চিত্ৰলেখা” মৰ্ত্য লোকৰ প্ৰথমা শিল্পী।
সেয়েহে চিত্ৰলেখাৰ দিনৰে পৰা অসমত সঙ্গীতৰ ফল্গুধাৰা নিৰৱ-চিন্ন ভাৱে বৈ আহিছে।
অসমীয়াৰ জনজীৱনত লোকগীতৰ স্থান
কিমান সেয়া অসমীয়া মানুহৰ এটা দিনৰ আৰম্ভণি আৰু সমাপ্তি বা জীৱনৰ বিভিন্ন সময়ত ঘটা
ঘটনাৱলীলৈ মন কৰিলে বুজিব পাৰি। অসমৰ প্ৰখ্যাত সঙ্গীতজ্ঞ
বীৰেন্দ্ৰ কুমাৰ ফুকন দেৱে লিখিছে, “অসমীয়া মানুহৰ পুৱাৰ টোপনি ভাগে বৰগীতৰ ৰাগৰ লহৰ
শুনি। মাকে কেচুঁৱাক ওমলাই নিচুকনী গীতৰ সুৰেৰে। দুখনি হৃদয়ৰ মিলন ঘটে আয়তী সকলৰ কণ্ঠৰ
জাউৰীয়ে জাউৰীয়ে গোৱা বিয়া নামৰ মাজেৰে। পুৱা-গধূলি মন্দিৰ-নামঘৰৰ প্ৰাঙ্গনত মুখৰিত
হৈ উঠে নাম-প্ৰসঙ্গ আৰু কীৰ্তনৰ মধুৰ ঝঙ্কাৰেৰে”।
অসম বিভিন্ন জাতি আৰু ভাষা-ভাষীৰ মিলন ভূমি। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উৰ্বৰ ভূমিয়ে
বিভিন্ন প্ৰজাতিক হাত বাউলী মাতি আনিছে। সময়ে সময়ে অসমীয়া জন-জীৱনত লীন হৈ যোৱা এই
সমূহ প্ৰজাতিয়ে অসমীয়াৰ গীত-মাতত অলেখ অৰিহণা যোগাই আহিছে। ডঃ হেমন্ত কুমাৰ শৰ্মাদেৱে
তেখেতৰ লোকগীতি সঞ্চয়ণ পুথিত লিখিছে “ অসমীয়া সংঙ্কৃতি এখন বাৰে বৰণীয়া ফুলনিবাৰীৰ
দৰে। সেই ফুলনীৰ জকমকীয়া ফুল আৰু গছপাতেৰে সুশোভিত এজোপা ধুনীয়া গছ হ’ল অসমীয়া লোকগীত।
কোন কোন মালীয়ে সেই গছজোপা ৰুই ডাঙৰ দীঘল কৰিলে তাৰ হিচাব কাৰো নাই; কিন্তু এইটো থিক
যে তাৰ ৰূপ সৌৰভত মুগ্ধহৈ হেজাৰ জনৰ মনপখীয়ে তালৈ উৰা মাৰিছে। তাৰ ৰূপ ৰস পান কৰিছে,
তাৰ ফল ভোগ কৰি ললিত লয়েৰে কূজন দিছে”।
অসমীয়া লোকগীতক প্ৰধানকৈ উল্লেখিত ভাগ
সমূহত বিভক্ত কৰিব পাৰি -
১)
উৎসৱৰ গীত
২)
কৰ্ম সংস্কৃতিৰ লগত জড়িত গীত
৩)
মালিতা বা কাহিনী গীত
৪)
বিবিধ বিষয়ক গীত
১) উৎসৱৰ
গীত
অসমত
বছৰৰ বাৰটা মাহত অলেখ উৎসৱ পালন কৰা হয়। সেই সমূহক আলম কৰি অসংখ্য গীত ৰচিত হৈছে। উৎসৱৰ
গীত সমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি।
ক)
ভক্তিমূলক
খ)
সামাজিক
ক)
ভক্তিমূলক গীত:- অসমীয়া লোকগীতৰ ভক্তিমূলক বিভাগটো অতিশয় প্ৰাচীন আৰু ইয়াত আৰ্য্য-অনাৰ্য্য
দুয়োটা মূলৰে অবদান মনকৰিব লগীয়া। ইয়াত প্ৰথমে নাম ল’ব লাগিব
হুঁচৰিৰ। পহিলা বহাগৰ দিনা গাঁৱৰ জেষ্ঠ পুৰুষ আৰু ডেকা সকল লগহৈ ঘৰে ঘৰে হুঁচৰি গায়
আৰু গৃহষ্ঠক অনাগত বছৰটোৰ বাবে আশীৰ্বাদ জনায়। হুঁচৰিত দিহা (গীতৰ স্থায়ী অংশ) আৰু পদৰ সংযোজনেৰে সামাজিক তথা ধাৰ্মিক পৰম্পৰাৰ
সানমিহলি গীতৰ পয়োভৰ দেখা পোৱা যায় ।
ইয়াৰ
দিহা যদি আৰম্ভ হয় -
“ৰৈ ফুল ৰমক, বিজুলীৰ চমক
ভানুমতী ঐ গা কৰে ৰমক-জমক”
আদিৰ দৰে গীতেৰে; কিন্তু পদ দিয়া হয় কীৰ্তন ঘোষাৰ পৰা -
“মই দুৰাচাৰ কেৱলে
তোমাৰ
গা কৰে ৰমক জমক”
হুঁচৰি সাধাৰণতে উজনি অসমত বেছিকৈ
প্ৰচলিত যদিও বৰ্তমান সমগ্ৰ অসমতে ইয়াৰ প্ৰচলন দেখা যায়। বিশেষকৈ বহাগ মাহত অনুস্থিত কৰা
বিহু সন্মিলন সমূহত ইয়াৰ প্ৰতিয়োগীতাও হয়। ই পুৰুষ প্ৰধান যদিও, বৰ্তমান প্ৰতিযোগীতাৰ যুগৰ ফলতেই হওঁক বা সময়ৰ পৰিবৰ্তনৰ ফলতেই
হওঁক,সৌন্দৰ্য্যৰ পয়োভৰ
ঘটাবলৈ গাভৰু সকলকো হুঁচৰিত সংযোজন ঘটোৱা হৈছে। সেয়ে আজি কালি স্বতঃস্ফুততাৰ পৰিবৰ্তে অতি পৰিকল্পিত আৰু দক্ষতাৰে
পৰিচালনা কৰা সুন্দৰ হুঁচৰিৰ দল দেখা পোৱা যায়। হুঁচৰি সমূহত ব্যৱহাৰ কৰা কিছু দিহা
হ’ল
“কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল ঐ’
গুবিন্দাই ৰাম”।
“দেউতাৰ পদূলিত গুন্ধাইছে মাধুৰী
কেতেকী
মলে মলাই ঐ
গুবিন্দাই
ৰাম”।ইত্যাদি
হুঁচৰিৰ শেষত গৃহস্থই এগছি বন্তিজ্বলাই, বটাত গুৱা পান আৰু এটি অৰিহনা লৈ ৰাইজৰ চৰণত ঘোষা এফাকিৰে সেৱা জনায় । বছৰটোত কোনো অপায়-অমংগল নহবলৈ আৰু দোপত-দোপে গৃহস্থক
উণ্ণতি পথত আগবাঢ়িবলৈ,গাঁৱৰ ৰাইজে আশীৰ্বাদ দিয়ে -
“লাইৰ
মাজে-মাজে লফা
ডালি-ডালি
তাৰ মাজে খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ
কৰিছো
গৃহস্থ কুশলে থাক”।
অন্যান্য ভক্তিমূলক গীতসমূহৰ
ভিতৰত “আই” নামৰ প্ৰাধান্য অসমীয়া সমাজত অতি বেছি। অসমীয়াত সকলো হিন্দু দেবীক আই বা
গোসানী-আই নামেৰে সম্বোধন কৰা হয়। এই আই-গোসানী
সকলক সন্তুষ্ট কৰিবৰ বাবে বিভিন্ন বিপদ-আপদ বা উৎসৱত আই সকলৰ প্ৰসস্তি গীত বা নাম হিচাবে গোৱা হয়। ইয়াৰ ভিতৰত আছে দূৰ্গা গোসানী আই,
মনসা আই, অপেচৰী আই, অৰ্ন্নপূৰ্ণা লখিমী আই ইত্যাদি । ইয়াৰ উপৰিও তুলসী তলত গোৱা নাম, দিহা নাম, টোকাৰী
গীত, দেহবিচাৰৰ গীত, গোঁসাই নাম, জিকিৰ, হলি গীত, কুশান গীত ইত্যাদি বিভিন্ন ধৰ্মমূলক
গীতৰ পয়োভৰ অসমীয়া লোকগীতত দেখা যায় ।
আই নাম সমূহ মহিলা সকলে ৰচনা
আৰু পৰিবেশন কৰা বুলি বিশ্বাস কৰিব পাৰি। বসন্ত ৰোগ আৰোগ্য হোৱাৰ কামনাৰে শীতলা আইক
সন্তুষ্ট কৰিবলৈ নাম গোৱা হয় -
“উজায়ে আহিলে
আইৰে সাতে ভনী
বসন্তে বা বলাই
বনৰ বন পাতে
নমে মাথা দোৱাই
সাগৰেও জলে যোগায়”।
শীতলা
আইৰ সবাহত ঠগী,ধূপ-ধূনা,চাকি,বগা কাপোৰ,বগা ফুল আৰু পিঠা গুৰি দিয়া হয়। কিছুমান আইৰ নাম চাপৰি বজাই আৰু কিছু যোজনাৰ দৰে
বা আলাপ আকৃতিত গোৱা হয়। দূৰ্গা
পূজাৰ সময়ত বিশেষকৈ দশমীৰ দিনা মহিলা সকলে পূজা মণ্ডপৰ আগত বহি দূৰ্গা গোসানীৰ নাম
গায় -
“অ’ আই ভগৱতী এ মণ্ডপে নামিল
সুবৰ্ণৰ পঞ্চঘটে পূজা আৰম্ভিলা।।
দেৱী আইৰ কপালত পাৰিজাতৰ ৰেখা
চামুণ্ডা
ৰূপ ধৰি ৰাইজক দিছে দেখা”।.....ইত্যাদি
এই
দৰে দেশৰ আৰু পৰিয়ালৰ অপায় অমঙ্গল আঁতৰোৱাৰ কামনাৰে অন্যান্য আই গোঁসানী সকলৰ প্ৰসস্তি
গীত গোৱা হয়।
গোঁসাই
নাম বা জন্মাষ্টমীৰ নাম ভাদমাহৰ কৃষ্ণা অষ্টমীত ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে
লোৱা হয় -
“ঘোৰ অন্ধকাৰে শিলা বৰষিলে এ
নুশুনি পৰজাৰ মাত
পালি পহৰীয়া সবে নিদ্ৰা গইল
উপজিলে জগন্নাথ”।।
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি
জ্বলাই নাম গায়। ইও অসমীয়া সমাজৰ এক অবিচ্ছেদ্য পৰম্পৰা -
তুলসীৰ তলে তলে মৃগ পহু চৰে ।
তাকে দেখি ৰামচন্দ্ৰই ধেনু-শৰ ধৰে।।
ৰামে ৰুৱা তুলসী লক্ষ্মণে ঢালে পানী
যতনে গোবৰ দিয়া আই সীতা গোসানী।।
কাতি-আঘোন
(অক্টোবৰ-নম্বেবৰ) মাহ অসমীয়াৰ বাবে লখিমী আদৰাৰ সময়। পথাৰৰ পকা ধান কাটি আনি নিয়ম নীতিৰে অন্নৰ অধিষ্ঠাত্ৰী
দেৱী লখিমীৰ গুন-গান গোৱা হয়-
“লক্ষী আই আহে আজি ৰাজ্য দৰশনে ।
ৰত্ন দেৱীৰ ঘৰে আহি বহে সিংহাসনে ।।
লক্ষী আই হে মাতৃ এতে বেলি ক’ত ।
কুমাৰী সকলে পূজা কৰি আছে য’ত ।।
কিছু-কিছু
নামত দেৱী সকলক তামোল প্ৰিয় অসমীয়া তিৰুতাৰ লগত ৰিজনী দি মধুৰ কল্পনাৰে গায়।
তামোল খায় দেৱী আই
পান খায় দেৱী আই
চূণ খাই দেৱী আইক দাকে।
তামোল খায় দেৱী আইৰ হিকটি ধৰিলে
দোলাৰ পৰা বাগৰি পৰে।।
জিকিৰঃ আহোম
যুগত গদাধৰ সিংহৰ দিনত আজানপীৰ নামৰ ফকীৰ এজন অসমলৈ আহে । তেখেতে অসমীয়া বিয়া নাম আৰু অন্যান্য আইনাম,
গোসাইনামৰ ঠাঁচত অসমীয়া মুচলমান ধৰ্মীয় গীত জিকিৰ ৰচনা কৰে ।এই গীত সমূহ কীৰ্তন ঘোষাৰ দৰে দিহা দি দি গাব পাৰি
আৰু ইয়াত বৈষ্ণব সাহিত্য তথা অসমীয়া লোক গীতৰ প্ৰভাৱ সু-স্পষ্ট। কিছুমান জিকিৰিত দেহবিচাৰৰ গীতৰ দৰে মানব দেহাৰ
বিভিন্ন অংগক ঘৰৰ খুটা, ৰুৱা, মাৰলি, কামি আদিৰ লগত তুলনা কৰিছে।
“ঠুৰীয়া তামোল মনজুৰ হলে
বান্দা ঐ নিচিনি আল্লাৰে নাম
ঘৰ বোৰ ভাঙিলে আল্লা ঐ
মাৰলি ধৰিব ঘূনে।।
দেহ
বিচাৰ গীত আৰু টোকাৰী গীতঃ
এই
দুবিধ গীত ইটোৰ পৰা সিটোক পৃথক কৰা অতি কঠিন। হাতত টোকাৰীলৈ গীত গাই গাই ঘৰে ঘৰে ভিক্ষা
বিচৰা কিছু ভকতে দেহ বিচাৰৰ
গীত গায়। ইয়াৰ তাত্বিক দিশ বিশ্লেষণ কৰিলে দেখা যায় যে আত্মা পৰমাত্মাৰ মিলনেই হ’ল
ইয়াৰ মূল ভাব। জীৱৰ দেহাৰ ক্ষণ ভঙ্গুৰতা এই গীতবোৰৰ যোগেদি প্ৰকাশ পায় -
ভৱনদী পাৰ কৰি দিয়া হে
নাৰায়ণ ভৱনদী পাৰ কৰি দিয়া
এই মানবী দেহা
কত যে কৰিলা বেহা
কচু পাতত ৰৈ যায় জীৱ
হে নাৰায়ণ
ভৱ নদী পাৰ কৰি দিয়া ।
টোকাৰী
বাদ্যটি দেহবিচাৰৰ গীতৰ বাহিৰেও অন্যান্য লোকগীততো ব্যৱহাৰ কৰা দেখা যায় ।
হলি গীতঃ ফাগুনৰ
ফাকুৱা উৎসৱ বা হলি অসমৰ সকলো প্ৰান্ততে উদযাপন
কৰে যদিও বৰপেটা অঞ্চলৰ হলিৰ
ৰূপ
অনন্য। এই উৎসৱক
আলম
কৰি
অনেক কবিয়ে হলিগীত ৰচিছে। এইবোৰ পৰম্পৰাগত কীৰ্তন-ঘোষাৰ অনুকৰনত ৰচিত গীত ।
এটি বিখ্যাত হলিগীত হ’লঃ
“আহা আমি খেলো হলি
মহা ৰঙ্গে বাহু তুলি, ফাগু উৰাই গগনে পবনে”।
শ্ৰী
মাধৱ দেৱৰ হলি উৎসৱৰ আধাৰত ৰচিত বৰগীতঃ
ধ্ৰুং:ফাগু খেলায় কৰুণাময় এ নন্দ কুমাৰ ।
দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰা ।।
পদ: ফাগু পৰি শ্যাম তনু কৰে তিৰি মিৰি---
খ)সামাজিক
বা ধৰ্ম নিৰপেক্ষীয় উৎসৱ গীতঃ ধৰ্ম নিৰপেক্ষীয়
উৎসৱ গীত বুলিলে সাধাৰণতে বিহু নাম, বিয়া নাম, মহোহো গীত ইত্যাদিক অন্তৰ্ভূক্ত কৰিব
পাৰি। অসমীয়া সমাজৰ ৰঙালী বিহুক ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ বসন্ত উৎসৱৰ লগত ৰিজাব
পাৰি। ৰঙালী বিহু উপলক্ষে গোৱা গীত বা নাম সমূহ হৈছে “বিহু নাম” । ই অসমীয়াৰ
বাপোতি সাহোন আৰু হিয়াৰ আমঠু। বিহুনামৰ মূল ভাব হৈছে প্ৰেম- পিৰিতি । ডেকা-গাভৰুৰ পূৰ্বৰাগ, মিলন, বিৰহ আদি ভাব নানান
উপমা-অলংকাৰেৰে বিহুনামৰ যোগেদি প্ৰকাশ পায়। বিহুনামক অনন্য কৰি তোলাৰ সমল সমূহ হ’ল—কল্পনাৰ
বিলাস, উপমাৰ বৈচিত্ৰতা আৰু মনৰ গভীৰতম ভাবৰ তীব্ৰতা। বৰ্তমান চ’তৰ শেষৰ পৰা জেঠৰ শেষলৈ
অসমৰ আকাশে বতাহে বিহু নামে ৰজনজনাই থাকে। বৰ্তমানৰ বিহুনাম বুলিলে সি এক বেলেগ ধৰণৰ
আলোচনাৰ বিষয় হব। বিহুগীত আৰম্ভণী কৰা হয় আলাপৰ দৰে লেনীয়াকৈ গোৱা যোজনাৰে । তাৰ পিছে-পিছে
লগ হয় ঘোষা, পদ, জোৰা নাম আৰু জাত নাম। সহযোগী বাদ্য হিচাবে ঢোল, পেঁপা, গগনা, টকা,
খুটি তাল, বাঁহী, সুঁতুলি আদি বজোৱা হয়।
“বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গলে বিনাবা কাক”
তাল-লয়
যুক্ত বিহুগীতৰ মূল বৈশিষ্ট হ’ল “দিহা” আৰু পদৰ লগতে দুলৰি চন্দত দুলি থকা। বিহুগীতে
প্ৰথম দুটা বা তিনিটা শাৰীতে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। তাৰ পিছতে দীঘলীয়া কৰিবলৈ পদ
আৰু জাত নামৰ সহায় লোৱা হয় নাইবা অন্য বিহু নামৰ সহায় লোৱা হয়। তাৰে এটি উদাহৰণ তলত
দিয়া হ’ল—
“ঢাপে ঢাপে চৰিলে ঢাপলোকা চৰাইটি
বাঘলৈ নকৰে ভয়,
আমাৰে ঐ নাচানী নাচিবলৈ ধৰিলে
সমাজলৈ নকৰে ভয়”।।
ইয়াক
দীঘলীয়া কৰিবলৈ হলে এনেদৰে পুনৰাবৃত্তি কৰা হয়
“এ জয় ঢাপে ঢাপে চৰিলে
এ জয় ঢাপলোকা চৰাইটি
এ জয় এ জয় বাঘলৈ নকৰে ভয়,
এ জয় আমাৰে ঐ নাচনী
এ জয় নাচিবলৈ ধৰিলে
এ জয় এ জয় সমাজলৈ নকৰে ভয় ....ইত্যাদি ।
অন্য হাতে এফাকি বিহুনামত আন এফাকিক বিহুক পদ
হিছাবে ব্যৱহাৰ কৰিও বিহুনামৰ পুনৰাবৃত্তি কৰা হয়, উদাহৰণ হিছাবে
ক) অ’ সৰু ভনী তুমি আমাৰ নাচনী
নচুৱাই থাকিলেও নেলাগে আমনি
খ) ধানে দাই গ’লা পিচলৈ নেচালা
এৰিলা চেনেহৰ ঠোক, ইত্যাদি ।
এতিয়া
দুযো ফাকি নামক যদি লগ লগাই গোৱা হয় তেন্তে তলত দিয়া দৰে হব-
“ধানে দাই গ’লা অ’ সৰু ভনী
পিচলৈ নেচালা অ’ সৰু ভনী
এৰিলা চেনেহৰ ঠোকে সৰু ভনী
তুমি আমাৰ নাচনী
নচুৱাই থাকিলেও নেলাগে আমনি” ।
এই
দৰে বিহুগীতত চহা কবিয়ে প্ৰেম, মিলন, বিৰহ, আবেদন, প্ৰভৃতি অনুভূতিৰ লগত ফল-ফুলৰ নাম,
চৰাইৰ নাম, গছৰ নাম, নদীৰ নাম, ছোৱালীৰ নাম আদি স্ংযোগ ঘটাই অনন্য গীতৰ সৃষ্টি কৰে ।
“লুইতৰ বালি বগী ধকে ধকী
কাচই কনী পাৰে লেখি,
গাত জুই জ্বলিছে সৰিয়হৰ ফুটিছে
তোমাক পানী ঘাটত দেখি”।
অসমৰ
প্ৰাকৃতিক সৌন্দৰ্য্য আৰু “ঋতু’ পৰিবৰ্তনৰ বৰ্ণনাতও বিহুনাম সমূহত দেখা যায়।
“চ’তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা
কৈনো কৈ থাকিলে ওৰকে নপৰে আমাৰে বিহুৰে কথা”।
অসমীয়া
শিপীনিৰ তাঁত শালখন অতিকে আপোন । সেয়ে
তাঁত শালৰ লগতে এৰি, মুগা আৰু তাঁতত বৈ উলিওৱা গামোচাকে ধৰি বিভিন্ন বস্ত্ৰৰ উল্লেখ
বিহুঁনামত পোৱা যায়-
১) সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী
বিহু মাৰিবলৈ যাঁও
২) এ লীলা বহে তাঁতৰ পাতত,
লীলাৰ চকু আলিবাটত
লীলাৰ মাকু সৰি সৰি পৰে
এইবোৰৰ
উপৰিও মাছ মৰা, ধান দোৱা, তামোল-পান, বাদ্য যন্ত্ৰৰ উল্লেখ, ঐতিহাসিক প্ৰতিচ্ছবি, সমাজ
ব্যৱস্থাৰ আভাস, মানৱ
চৰিত্ৰৰ
বিশ্লেষণ আদি বিহুনামত বহুল ভাৱে ব্যৱহাৰ হয়। ঐতিহাসিক প্ৰতিচ্ছবিৰ এফাকি বিহু তলত
উল্লেখ কৰা হ’ল -
স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলৈ
দুলিয়াই পাতিলে দোলা,
কাণত জিলিমিলি নৰা জাংফাই
গাত গাম চেঙৰ চোলা ।
জাত
নামৰ কথা উল্লেখ নকৰিলে বিহুৰ নামৰ আলোচনা সম্পূৰ্ণ হব নোৱাৰে।
অ’ আইদেউ লচকচী
ৰিহা ললা কেচ বাছি
দ’ৰা ললা মনে বাছি,
আকৌ তোমাৰ বিহুলৈ মন।।
এনে
ধৰণৰ জাত নামৰ উপৰিও অন্য বিহুৰ লগত লগলগাই গোৱা অলেখ জাত নামৰ ব্যৱহাৰ দেখা যায় -
‘হায় ঐ জালি জাপি ঐ
ভাঙো নো শালি কাঠী ঐ
মহুৰাৰ মুখলৈ চায়েনো
শালি কাঠী ঐ
নিয়ৰতে তিয়াই যাওঁ ভৰি ।
এনে
ধৰনৰ জাত নাম যিকোনো যোজনাৰ লগত সান মিহলি কৰি গোৱা হয় । হেমাংগ
বিশ্বাসদেৱৰ এটি বক্তব্যৰে বিহুনাম অসমীয়াৰ
বাবে কি তাক সহজে উপলব্ধি কৰিব পাৰি--
“যি নাই বিহু গীতত সি নাই অসমত । যি নাই অসমত সি নাই বিহুগীতত।অসম আৰু অসমীয়াৰ জনমানসত
নিৰ্ভুল দাপোন এই বিহু । অসমৰ
পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফল-ফুল,গোন্ধ-বৰণ আৰু সিবিলাকৰ
মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে panorama ভাৰতৰ
লোক সংগীতত বিৰল ।বিহুগীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতে থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ
উপৰিসৌধ”।
বিয়ানামঃ বিবাহ হ’ল অসমীয়া সমাজৰ
অতি আনন্দ দায়ক উৎসৱ। অসমীয়া আয়তী সকল স্বভাৱজাত কবি আৰু এই আয়তীসকলে বিয়াৰ বিভিন্ন কাৰ্য্য
যেনে- পানী তোলা, দৰা-কইনাক গাধোৱা, সুহাগ-তোলা, কইনা পাটীত বহা, দৰা আদৰা, হোমপোৰা
আদিক কেন্দ্ৰ কৰি অস্ংখ্য বিয়া নাম ৰচনা কৰিছে। তাৰোপৰি যোৰানাম বিবাহ উৎসৱৰ এক এৰাব
নোৱাৰা আনন্দদায়ক সংযোজন। বিবাহত উপস্থিত পৰিয়ালৰ অতিথি, দৰাঘৰীয়ালোক, অঙহী-বঙহী আদিক
জোকোৱাৰ বাবে ভালেমান ধেমেলীয়া গীত ৰচিত হৈছে। এই বিয়ানাম সমূহৰ কোনো নিদ্দিৰ্ষ্ট ৰচয়ীতা
নাই। ই পৰম্পৰা গত আৰু স্বতঃস্ফুত।
ক) পানীতোলা নাম :-
ৰাম ৰাম দূৰকৈ পুখুৰী
ৰাম ৰাম খন্দালা দেউতা
হৰি মোৰ ঐ
ভৰিৰে বিষালে গাঁঠি ।
খ) দৰা-কইনা
ধুওৱা গীত :-
ওলাই আহা আইদেউ দুৱাৰ মুখৰ বাজ,
ঘৰতে ধুৱাব লাগে নকৰিবা লাজ—
আগত দিয়া পাচত দিয়া আগত দিয়া পাচত দিয়া
পঞ্চ আয়তীয়ে------
গ) জোৰণ
পিন্ধোওঁতে গোৱা বিয়া নাম:-
মাৰাৰ অলংকাৰ থোৱা কাটি কৰি
ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে
ৰামে দি পথাইছে সুবৰ্ণ অলংকাৰ
ঐ ৰাম মূৰ দোৱাই দোৱাই লোৱাহে ।
ঘ) কইনাৰ
বিদায়ৰ সময়ত গোৱা বিয়া নাম:-
হাতত পান বটা লৈ মাৰাক মাতা গৈ
মৰমৰ মা ঐ যাবলৈ ওলালো
যাবৰ সময়তে সেৱাহে জনালো—ইত্যাদি
ঙ) হোমৰ
গুৰিত গোৱা নামঃ
কলিয়া তুলসী জুপিৰ চকলীয়া পাত
চকলীয়া পাত
যজ্ঞত বহি ৰামচন্দ্ৰই
জলত দিছে হাত-
যোৰা
নামঃ সৰু
সৰু চৰাইবোৰে ফৰিং ধৰি খায়
কোমল
কইনা বিছাৰোতে ডাঢ়ি পকি যায়।
আয়তী সকলৰ, কইনাক উদ্দেশ্য কৰি গোৱা উপদেশ মূলক গীত:
আকাশত বগালে আকাশী লতা
শুনাচোন আইদেউ কেইটামান কথা।।
পুৱতি নিশাতে উঠিবা শুই
বাহি বন কৰিয়ে ধৰিবা জুই
পেলাব লাগিব গোহালিৰ গোবৰ
সাৰিব লাগিব চোতালৰ জাবৰ ইত্যাদি
এই
বোৰৰ ওপৰিও অসংখ্য সূত্ৰ ধৰি আয়তী সকলে বিয়া নাম গায়, যাৰ তুলনা বিচাৰি পাবলৈ নাই।
তোলনি বিয়াৰ নামঃ অসমীয়া
ছোৱালী প্ৰথম ঋতুমতী হোৱাৰ পাচত বিভিন্ন নিয়ম অনুসৰি তোলনী-বিয়া পতা হয়। সাধাৰণতে সাতদিন
ধৰি ‘যোগ’ অনুসৰি ব্ৰত পালনৰ অন্তত বিবাহ অনুস্থান পতা হয়।
“বেলিকৈ আবেলি হলে চন্দাৱলী
বেলিকৈ আবেলি হলেহে।
ভোকত চন্দ্ৰাৱলী গা মৰহিলে
ঐ ৰাম মাক বা কলৈনো গ’ল।।
তোলনি
বিয়াতো বিয়া নামৰ লেখ জোখ পাবলৈ নাই। আয়তী সকলে কইনা ঘৰীয়া সকলোৰে পৰা চানা-মৰ্টনৰ
শৰাই খুজি নাম গায়।
আম ডালি গাঠিলো দৰ্জা মুখত আৰিলো
আমাৰ কইনাৰ মাহিয়েকক সমাজলৈ মাতিলো
সমাজলৈ আহিবা সুদাহাতে নাহিবা
আমলৈ বুলি লজেঞ্ছ-মৰ্টন
শৰাই ভৰাই আনিবা---- ইত্যাদি
লগুণ
দিয়ানী নামঃ অসমীয়া বামুণ সকলৰ সৰু ল’ৰাক লগুণ পিন্ধাওতে লগুণ দিয়ানি উৎসৱ পাতে আৰু
তাতে আয়তী সকলে গায়।
বনে বনে ফুৰা বাচা পাৱত পালা দুখ ।
ৰ’দ পাই জিলিকিছে পূৰ্ণ চন্দ্ৰ মুখ ।।
ভেকুলীৰ বিয়াৰ গীতঃ খৰাং বতৰ হ’লে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ অসমৰ
বিভিন্ন ঠাইত ভেকুলীৰ বিয়া পাতে। ইয়াত বিবাহৰ সকলো নিয়ম পালন কৰি আয়তী সকলে গায় -
“ৰাম
কৃষ্ণ পানৰে ফুটুকা
ৰাম কৃষ্ণ সনাৰে ভুমুকা
হৰি মোৰ ঐ দৰা বলোৰামে সাজে
ৰাম কষ্ণ এৰা হেলা হেৰা
ৰাম কষ্ণ পিন্ধা ধুতি ফেৰা
হৰি মোৰ ঐ কইনা আনিব লাগে” ।।
লোক বিশ্বাস অনুসৰি কিছু গীতত
কোৱা হয় যে ভেকুলীৰ বিয়া চাবলৈ সৰগৰ পৰা মহাদেউ, ইন্দ্ৰ দেৱতা, অপেশ্বৰী সকল মৰতলৈ
নামি আহি গায়ঃ
“ৰাম ৰাম এনেকুৱা বিয়া
ৰাম ৰাম দেখি নাই পোৱা
হৰি মোৰ ঐ আজিহে দেখিব পালো”।
২) কৰ্ম
সংস্কৃতিৰ লগত জড়িত গীত
অসমীয়া
কৰ্ম সঙ্গীতৰ
ভিতৰত আছে নিচুকনি গীত, নাওখেলৰ গীত, কুঁহিয়াৰ পেৰা গীত, শাকতুলাগীত, বৰশী বোৱা গীত,
গৰখীয়াৰ গীত, হাল বোৱা গীত ইত্যাদি। কৰ্ম বিষয়ক গীত সমূহ সাধাৰণতে কোনো কাম কৰোতে শ্ৰম লাঘব কৰিবলৈ আৰু কৰ্মত উৎসাহ
পাবলৈ গোৱা হয়।
নিচুকনি গীত : শিশুৰ কান্দোন বন্ধ কৰিবলৈ বা
টোপনি নিয়াবলৈ এই বিধ গীত গোৱা হয়।
“আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব”।।
“শিয়ালী এ নাহিবি ৰাতি, তোৰে কান কাতি লগামে বাতি
শিয়ালী মূৰতে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ”।।
নাওখেলৰ গীত: নাৱৰীয়া সকলে নাওবাওতে শ্ৰম লাঘব
কৰিবলৈ বঠাৰ ছেৱে ছেৱে এই শ্ৰেণীৰ গীত গায়।
“বৈঠা মাৰো বৈঠা মাৰো ৰে
অ’ বাইচাল ভাইয়া ৰে
ঝাড়িয়াৰ বৈঠা মাৰিয়া যাও ৰে”
“বাই যাও বাই যাও নাও আহা
ডোগ ডোগ মাৰি যাও বঠা”
কুঁহিয়াৰ
পেৰাগীত: কুঁহিয়াৰৰ পৰা গুঁৰ তৈয়াৰ কৰাৰ প্ৰথা অসমত অতীজৰ পৰাই প্ৰচলিত হৈ আহিছে। ই
অতি কষ্টদায়ক কাম। সেয়ে কুঁহিয়াৰ পেৰাৰ সময়ত শ্ৰম লাঘব কৰাৰ লগতে মনত আনন্দ দিবলৈ গীত
গোৱা হয়।
“ হাতী হেৰালো লিহিৰি বনতে
অ’ ঘোঁৰাও হেৰালো বনে
কুঁহিয়াৰ পেৰুতে ঘৈণী হেৰালো
কোনে বাঁহি-বন কৰে”।
এইদৰে
বৰশী বাওঁতে গোৱা গীত:-
“ চেঙেলী কাই লৰি আহ লৰি আহ
মোৰ বৰশীত ধৰহি আহ ধৰহি আহ
ধৰ বেটা ধৰ একে খোটে তল কৰ”।
মহোহো গীত:আঘোণী
পূৰ্ণিমাত নামনি অসমত মহোহো উৎসৱ পালন কৰা হয়। গাঁৱৰ ডেকা লৰা বোৰে হাতত টাঙোন লৈ,
মাটিত মাৰি তাল দি দি মহ খেদোৱা গীত গায়।
“ অ’ হৰি মোহোহো, ম’হ খেদিবা টোকোন ল’।
মহে বোলে মইল্লুদে টেপুৰ-পুৰা খালোদে।।
গৰখীয়াৰ গীত: কৃষিজীৱি অসমীয়াৰ ঘাই সমল হ’ল গৰু। গৰুক লখিমীৰ
লগত তুলনা কৰা হয়। গৰখীয়া লৰাই পথাৰ বা নৈৰ চাপৰিত গৰু-ম’হ চৰাওঁতে নিজৰ কষ্ট পাহৰিবলৈ
নাইবা আনন্দ-বিনোদনৰ বাবে গীত গায়। এনেবোৰ গীতক গৰখীয়া গীত বোলে। এইবোৰ গীতত চহা জীৱন
আৰু নিৰ্মল প্ৰকৃতিৰ
বিৱৰণ প্ৰকাশ পায়।
“দীঘ্লতীৰ দীঘল পাত মাখি মাৰো জাত জাত
মাৰে সৰু বাপেৰ সৰু তই হবি বৰ গৰু”।।
“গৰখীয়া এ খেদ খেদ গৰু
আমাৰ ঢলতে কজলা গৰু
কজলা মাকৰ কাণখন সৰু”।।
শাকতোলাৰ গীত: বহাগবিহুৰ সংক্ৰান্তিৰ দিনা গাৱৰ ছোৱালীবোৰে
দল বান্ধি এশ-এবিধ শাক বিচাৰি গোৱা
গীতক শাক তোলা গীত বুলি কোৱা হয়।
“চাপৰি-চাপৰি তোলো মই বাবৰি
কচু-তেঙা খুতৰা শাক”
৩) মালিতা
বা কাহিনী গীত
অসমত প্ৰচলিত কাহিনী গীত বা মালিতা
সমূহে কৰূণ কাহিনী বা আখ্যান বৰ্ণনা কৰে। পৃথিৱীৰ সকলো জনজীৱনতে এই কাহিনী গীতৰ পয়োভৰ
দেখা যায়। ইংৰাজীত যিদৰে ইয়াক ‘বেলাড’ নামেৰে নামাকৰণ কৰা হৈছে তেনেদৰে সুৱলা অসমীয়া
ভাষাত ইয়াক ‘মালিতা’ নামেৰে নামাকৰণ কৰা হৈছে। এই মালিতা সমূহৰ সৰহ স্ংখ্যক কৰুণ ৰসযুক্ত,
কিংবদন্তিমূলক নাইবা বুৰঞ্জীমূলক। ইয়াৰ কোনো নিৰ্দ্দিষ্ট ৰচয়িতা নাথাকে। মূখে মূখে
প্ৰচলিত হৈ এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ গতি কৰে।
কিংবদন্তিমূলক গীত সমূহৰ ভিতৰত আছে ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত,
পগলা-পাৰ্বতীৰ গীত, জনাগাভৰুৰ গীত, তেজা-তুলাৰ গীত, কমলা কোঁৱৰীৰ গীত ইত্যাদি।
পগলা-পাৰ্বতীৰ
গীতত শিৱ আৰু পাৰ্বতীক অসমীয়া গৃহস্থ হিছাবে গৃহ কন্দল, মৰম চেনেহ কল্পনা কৰি ৰচনা
কৰা হৈছে। হাজাৰ হাই-কাজিয়াৰ মাজতো গৃহস্থ আৰু গৃহিনী কোনেও কাকো এৰিব নোৱাৰে।
“জৰাৰ কুমলীয়া পাত ঐ পগলা
জৰাৰ কুমলীয়া পাত
এৰাও এৰাও বুলি এৰাব নোৱাৰো
তোৰে কুমলীয়া হাত।।
ফুল
কোঁৱৰ আৰু মণিকোঁৱৰৰ মালিতাত আছে বিধিৰ লিখন ৰূপে পৰিয়ালৰ লগ এৰা-এৰি হৈ দুখ কষ্টৰ
মাজেৰে পুনৰ মিলন হোৱা কাহিনী
“কাউৰী শতৰু মুগাকৈ চোমনিত
পৰিবলৈ নিদিয়ে ডালত
মোৰে শতৰু তই বাই মালিনী
কোঁৱৰক ৰাখিছ আঁৰত”
বুৰঞ্জীমূলক
গীত সমূহৰ ভিতৰত আছে মণিৰাম দেৱানৰ গীত, সতী জয়মতীৰ গীত, মূলাগাভৰুৰ গীত, নাহৰডেকাৰ
গীত, হলকম্ব চাহাবৰ গীত, বদনে মান অনাৰ গীত ইত্যাদি।
ভাৰতবৰ্ষৰ স্বাধীনত আন্দোলনৰ শ্বহীদ মনিৰাম দেৱানক ফাঁচি দিয়াৰ
কৰুণ কাহিনী গীতৰ যোগেদি বৰ্ণনা কৰা হয়।
“ কেনেকৈ ধৰিলে তোকে ঐ মণিৰাম
কেনেকৈ ধৰিলে তোক
এফালে যোৰহাট এফালে
গোলাঘাট
চিঠি লিখি ধৰিলে তোক
মহাসতী
জয়মতীক জেৰেঙা পথাৰত দিয়া শাস্তিৰ কৰুণ কাহিনীয়ে সকলোৰে অন্তৰ অশ্ৰুসিক্ত কৰে।
“ সুখৰে নগ’লে কালে
জয়মতী
দুখৰো ন’গল কাল
জেৰেঙা পথাৰত গৰম
তেল ঢালিলে
চোৰাতে কোবালে গাত”।।
এই বোৰৰ
উপৰিও অসমীয়া শাস্ত্ৰীয় সঙ্গীতত ব্যৱহাৰ হোৱা ৰাগ সমূহৰ জন্ম কাহিনী সুন্দৰ ‘মালিতা’ৰ
ৰূপত পোৱা যায়। ভাতিয়ালী ৰাগৰ মালিতা:
নানাবিধ পুষ্পে বিকশিত বৃন্দাবন
তাতে চন্দ্ৰৰশ্মি অতি শোভে বিতোপন
মূৰুলী বজায়ে কানাই তৰুতলে বসি
কদম্বৰ পুষ্প মাথে পৰে খসি খসি
ৰাধিকাৰ সঙ্গে কানাই কৰন্তে ধেমালি।
মুৰুলীৰ সুৰে ৰাগ দিয়া ভাটীয়ালী।।
৪) বিবিধ
বিষয়ক গীত
বিবিধ
বিষয়ৰ গীতত সাধাৰণতে গোৱালপৰীয়া লোকগীত, কামৰূপীয়া লোকগীত, বাৰমাহীৰ গীত, বনগীত, চাহজনজাতিৰ
আৰু অসমীয়াৰ বিভিন্ন সম্প্ৰদায় সমূহৰ নিজস্ব ভাষাৰ গীত সমূহক অন্তৰ্ভূক্ত কৰিব পাৰি।
তাৰোপৰি “জোনা” নামেৰে এবিধ ধেমেলিয়া গীত, শিশু সকলৰ “ওমলা গীত” আদিক বিবিধ বিষয়ৰ গীতত
অন্তৰ্ভূক্ত কৰিব পাৰি।
গোৱালপাৰীয়া লোকগীতে গোৱালপাৰাৰ সৰ্ব্বসাধাৰণ
খাটিখোৱা লোকৰ এখন ছবি দাঙি ধৰে।উজনী অসমৰ বিহুগীতত প্ৰেমিক প্ৰেমিকাক যিদৰে চেনাই,
মইনাজান, কেঁচাসোণ, ধন, সোণাই আদি শব্দৰে সম্বোধন কৰে, গোৱালপৰীয়া লোকগীতত আকৌ প্ৰেমিকক
বাউৰা, বন্ধু, পতিধন, জীৱন, কাজল-ভোমোৰা আদি শব্দৰে সম্বোধন কৰে(অসমীয়া লোকগীত সঞ্চয়ন-
পৃষ্ঠা;২৬৯)কিছুমান গীতত প্ৰেমিকক মাহুত(মাউত) বন্ধু, মুইসাল বা মৈছাল(ম’হৰ গোৱাল)
নাইৰা বা বাইসাল(নাৱৰীয়া) আদি নামেৰে সম্বোধন কৰে।
“হস্তীৰ কন্যা হস্তীৰ কন্যা বামুনেৰ নাৰী,
মাথায় নিয়া তাম কলসী ও
সখি হাতে সোণাৰ ঝাৰী
সখী------ও মোৰ হায় হস্তীৰ কন্যাৰে,
খানিকো দয়া নাই মাহুতক লাগিয়াৰে”।।
ৰামায়ণৰ
কাহিনীৰ আধাৰত প্ৰচলিত কোশান গীত সমূহকো কোনো কোনো পণ্ডিতে গোৱালপৰীয়া লোকগীতৰ অন্তৰ্ভূক্ত
কৰিব খোজে।
“ দশ চক্ৰ ভগৱানহে কৰি নিবেদন।
লক্ষ্মণেৰ শক্তিশেল কৰি আৰম্ভণ।।
কামৰূপী
লোকগীততো একেদৰে অসমীয়া সমাজৰ এখন সুন্দৰ ছবি দেখা যায়।
“ অ’ শালিকী চুটি শালকী কোন দেশে যাবি—
অ’ আমাৰ দেশে যাবি শালকী, আইতে নাপাবি”।।
বাৰমাহী
গীত বোৰত বাৰটা মাহত হোৱা ঋতুৰ পৰিবৰ্তনত প্ৰকৃতিৰ ৰূপৰ লগতে অসমীয়া সামাজিক কাম-কাজ
আৰু প্ৰকিতিৰ ৰূপ বৰ্ণনা কৰা হয়।
“ চ’ততে চকোৱাই কান্দে উজাগৰে ৰাতি
বহাগে বিৰহে জিলি ঘনে উঠে মাতি।
জেঠৰে খৰতে শুকায় তিয়ঁহৰ জালি
আহাৰৰ আকাশে মেঘে দিয়ে কৰতালি।। ইত্যাদি
জুনা বা ধেমেলিয়া গীতত হাস্যৰসৰ
সৃষ্টি কৰা হয়। ধেমেলীয়া ৰসৰ বাবে জুনা গীত সমূহ চহালোক সকলৰ মাজত বৰ জনপ্ৰিয়।
“আমগছত জামু কলি
তেঁতেলীত বেলবেলি
সৰিয়হেৰে আঞ্জা ৰান্ধি
মাহৰ পেৰে তেল।
অমৰা গছত লাগে নাৰিকল
তামোল গছত বেল
সাতোটা হাতীয়ে সোমায় পাতিছে
এন্দুৰৰ গাঁতত মেলা।।
ওমলা
গীত সমূহ, দূৰদৰ্শনৰ পয়োভৰ নাথাকোতে সকলো অসমীয়া শিশুৰে খেলৰ সহায় আছিল।
“ৰজাই হুকুম দিছে, এই দিম চেই দিম বাই
কি হুকুম দিছে
এই দিম চেই দিম বাই..”
অলং-দলং কৰিছে, ৰজা-ৰাণী আহিছে
এই ফালে যাওঁ মই/নেযাবা
লং গুটি খাওঁ মই/নেখাবা
তাঁত বওঁ বওঁ/ নববা----
অসমত
অসমীয়াৰ উপৰিও অলেখ ভাষাৰ প্ৰচলন আছে। প্ৰত্যেক ভাষাৰ নিজস্ব সুকীয়া সুকীয়া গীত মাতে
অসমীয়াৰ লোকগীতৰ পেৰাটো সমৃদ্ধিশালী কৰি তুলিছে।চাহ জনজাতি গীত: চাহ জনজাতি সকলে মাদলৰ ছেৱে-ছেৱে গায় –
মনে খোজে মনে চাহা
জীৱন এটি জলে যাহা ৰে ---- হেই
জান দিয়ে সুখে ৰৈব আৰ কিচাম ৰে।।
মিচিং
জনগোষ্ঠৰ গীত:
“অৱনৰী
কৌৰৌদ আদি তৃঃলৃল পুম্চাদম্
লাক্কে পংকেপ্ প্ংকেপল অইনক
য়াললম কাপাদাং” .. ইত্যাদি ।
এই
দৰে বড়ো, ৰাভা,হাজং,কৰ্বি,তিৱা,ৰাংখাল,বাইট ,দেউৰী,টাই-ফাকিয়াল, মৰাণ-মটক,ৰাজবংশী আদি
কৰি সকলো অসমীয়া জনগোষ্ঠীৰে অনন্য সুন্দৰ লোক গীত আছে । সেইবোৰৰ আলোচনা অন্য এক বৃহত
অধ্যায় । বৰগীত,অংকীয়া গীত আৰু
ওজাপালি সমূহ এইলেখাৰ অন্তৰ্ভূক্ত কৰা নাই
কিয়নো এই সমূহ ৰাগযুক্ত বাবে শাস্ত্ৰীয় শ্ৰেণীত ধৰা
হয় । তাৰ উপৰিও এই আলোচনাত আৰু বহু সংখ্যক
গীত-মাতৰ
আলোচনা বাদ পৰি গৈছে। এই লোক
সংগীত সমূহৰ
চৰ্চা হোৱাটো অতি প্ৰযোজনীয়, যিহেতু এইবোৰেই হ’ল অসমীয়া জাতিটোৰ দাপোন । লোকগীত এক
পৰিবেশ্য কলা ,সেয়েহে ইয়াৰ ব্যৱহাৰিক চৰ্চা অতি প্ৰয়োজনীয়। ব্যৱহাৰিক চৰ্চা আৰু সুস্থ পৰিবেশণেহে ইয়াক
জীয়াই ৰাখিব। লোকগীতৰ ফল্গুধাৰা
নিৰৱ-চিন্ন ভাৱে বোৱাই ৰাখিবলৈ
লিখিত নিবন্ধই যথেষ্ট হব নোৱাৰে । বৰ্তমান সঙ্গীতৰ লগত জড়িত যথেষ্ট
সংখ্যক শিল্পীয়ে লোকগীত সমূহৰ চৰ্চা কৰা দেখা গৈছে। অসমীয়া লোকগীতৰ বাবে ই এক অতি শুভলক্ষণ !
সহায়ক
গ্ৰন্থ সমূহ :
১) অসমীয়া লোকগীতি
সঞ্চয়ন---- ড: হেমন্ত কুমাৰ
শৰ্মা
২) ব্যাস সংগীতৰ
ৰূপৰেখা------- দুৰ্গেশ্বৰ নাথ ওজা
৩) বিহুনামৰ তাৎপৰ্য্য
আৰু নান্দনিক সৌন্দৰ্য্য--- তীৰ্থ ফুকন
৪)বিহুগীতত
আখ্যান-গীত--------ড: অনিল শইকীয়া (প্ৰবন্ধ-জনম্ভূমি-ৰঙালী
বিহু সংখ্যা,২০১২)
৫)ভাৰতৰ
উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশ্য কলা—ড: নবীন চন্দ্ৰ শৰ্মা
৬) ঢকুৱাখনা ফাত
বিহুত ব্যৱহৃত বিহুনাম (লেখিকাৰ নিজা সংগৃহিত)
Wonderful write up reflecting your research and profound deliberation
ReplyDeleteThank you so much
DeleteThis comment has been removed by the author.
ReplyDeleteবৰ প্ৰয়োজনীয় তথ্য। যোগান ধৰাৰ বাবে ধন্যবাদ। অ শালিকী চুটি শালিকী গীতটিৰ কথাখিনি পামনে?
ReplyDeleteভাল লাগিল বিচাৰি আছিলো পঢ়িবলৈ, বহুত ধন্যবাদ।
ReplyDeleteখুব সুন্দৰ হৈছে। আগলৈ এনেকুৱা ❤️
ReplyDelete"নজনা কথা ভঁৰাল" তথ্য দিব বুলি আশাবাদী।
Anedore di thakibo buli akha thakil
ReplyDelete