হিৰন্ময়ী
দাস গগৈ
হেল` বাইদেউ
,ভাল নে আপোনাৰ ? মবাইল phone ত
কুটুমৰ মাত ।
ভালেই
আছো, তোমাৰ কেনে,খেতি-বাতি কেনে হৈছে এইবাৰ ?
এইবাৰ
ঢকুৱাখনাত পানী হোৱা নাই, খেতি ভাল হৈছে ।মাতমৰাৰ জিঅ`টিউবৰ মথাউৰিয়ে আজি কেইবছৰ মানৰ
পৰা আমাক বচাই আছে ।আপুনি অলপ সহায় কৰি দিব বুলি phone
টো কৰিছোং আৰু ।আপোনাৰ ঘৰৰ বাইদেউ/
দাদা সবেই সহায় কৰি থাকে । আপুনিও ভাল ঠাইত থাকে, এইবাৰ আপোনাৰ
তাতে যাম বুলি ভাবিছো আৰু ।
হব দিয়া,আহিবা
। কেতিয়া আহিব লাগে সেইটো মই দুদিনমান পিচতহে জনাব পাৰিম । এই কথোপকথন আছিল মোৰ মোৰ
শৈশৱ আৰু কৈশোৰৰ সোণালী দিন পাৰ কৰা আইৰ ঘৰৰ কাষৰীয়া, মিচিং গাঁৱৰ ডেকা কুটুমৰ লগত
।কুটুমৰ দৰে অনেক মিচিং ডেকাৰ বৰ্তমানৰ ব্যৱসায় হ`ল ,গাঁৱে-গাঁৱে ঘূৰি মিচিং কাংকান
হঁতে তাঁতত বৈ উলিওৱা ;মুগা/এৰী/পাট/কপাহী
আদিৰ মেখেলা-ছাদৰ সংগ্ৰহ কৰি কোনোবা মেলা নাইবা ডাঙৰ চহৰ সমূহত বিক্ৰী কৰা ।বৰ্তমান
গাওঁ-চহৰ,দেশ-বিদেশ সকলোতে বাস কৰা অসমীয়া মহিলা সকলৰ মাজত শাঁলত বোৱা মেখেলা-ছাদৰে
যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ।বিশেষ অনুস্থান আদিত পৰিধান কৰাৰ উপৰিও , অফিচ/স্কুল/কলেজ
আদিত কাম কৰোতে পৰিধান কৰিবলৈ মেখেলা-ছাদৰক অগ্ৰাধিকাৰ দিয়া দেখা
যায়।মিচিং শিপিনীয়ে তেওঁলোকৰ নিজা জনজাতীয় আৰ্হিত তৈয়াৰ কৰা এসাজ কাপোৰ নিজৰ আলমীৰাত
সামৰি ৰখা নাইবা বিশেষ অনুস্থান আদিত পৰিধান কৰাটো বৰ্তমান সময়ত প্ৰত্যেক গৰাকী অসমীয়া
জীয়াৰী-বোৱাৰীৰ বাবে স্ংস্কৃতিবান হোৱাৰ প্ৰতীক ।ইয়াৰ পৰা মই আৰু মোৰ বাই-ভনী সকলো
বাদ পৰি যোৱা নাই।জন্মসূত্ৰে ঢকুৱাখনাৰ হোৱা বাবে এই সমূহ আমাৰ বাবে অলপ সহজ লভ্য ।
সঁচা অৰ্থত ভালৰ ভাল বোৰেই আমাৰ হাতত পৰে ।আমাৰ বাই-ভনীবোৰৰ অলেখ বন্ধু-বান্ধবী ,যি
সমূহ স্কুল/কলেজ/ইউনিভাৰ্চিটি
আদিত লগ পোৱা ।কেতিয়াবা পুৰণি বান্ধবী সকলক লগ পালে এনে হাস্যকৰ পৰিবেশ হয় যে, আমি
বোৰে পিন্ধা কাপোৰ বোৰ টনা-আজোৰা হয় ।ফল স্বৰূপে তেনে এসাজ কাপোৰ জোগাৰ কৰি দিবলৈ প্ৰতিজ্ঞা
বদ্ধ হবলগা হয় ।কুটুমৰ দৰে ডেকাসকলক সহায় কৰাৰ মূল সূত্ৰটো তাতেই লুকাই আছে ।
জন্মৰে
পৰা ঢকুৱাখনাত ডাঙৰ-দীঘল হোৱাৰ বাবে
কিছুমান আপুৰুগীয়া কাৰ্য্যৰ সাক্ষী হোৱাৰ লগতে অংশীদাৰ হোৱাৰ সুযোগ পাইছিলো যি সমূহ
আমাৰ পিচৰ চাম ল`ৰা-ছোৱালীয়ে বিশ্বাস কৰিবলৈ
টান পায় ।এই সমূহৰ ভিতৰত উল্লেখ কৰিব পৰা বোৰ হ`ল; জাকৈৰে মাছ ধৰা,মুগাৰ চোমনীত গৈ
মুগা পলুবোৰৰ ৰখীয়া হোৱা,ঘৰত এৰী আৰু পাট পলু পোহাত মাক সহায় কৰি দিয়া আদি ।
আমাৰ ঘৰৰ
সমূখত এখন বিশাল পথাৰ আৰু আনন্দৰ বিষয় যে জন্মৰ
পৰা দেখা পথাৰখন এতিয়াও একেই আছে ।পথাৰ খনত বাৰিষাৰ পানী ভৰিৰ সৰুগাঁঠিৰ ওপৰ হলে , স্কুলৰ পৰা আহি ভঁৰালৰ
গান্ধৈত থোৱা জাকৈ এখন লৈ লৰ মাৰো ।জাকৈখন পাতি লৈ পথাৰৰ ঘাঁহ-বনৰ ওপৰে চোঁচৰাই লৈ গলে তাত সৰু-সৰু কাৱৈ পোৱালি (দেউতাই কাৱৈটিলা
বুলি কৈছিল),পুঠি আদি জপিয়াই থাকে ।এইদৰে মাছ ধৰাৰ আনন্দৰ কথা সুঁৱৰিলে কিয় জানো চকু
জুৰি সেমেকি উঠে ।বিশেষকৈ মোৰ আৰু খুৰীদেউৰ (তেতিয়া আমাৰ join
family আছিল ) মাছধৰাৰ খুওব চখ আছিল।ঘৰত গালি খালেও আমি
দুয়ো খুওব মাছ ধৰিছিলো আৰু কেতিয়াবা ভন্টী হঁতৰ লগত বৰশীও টোপাইছিলো ।ঘৰৰ পিচফালে থকা
জয়সাগৰ (শিৱসাগৰৰ খন নহয়) বিল আৰু বৃহত বৰপথাৰ খনৰ মাজেৰে মাটি কাতি অতীততে গঢ়ি লোৱা ,বিলখন
সংলগ্ন জান দুটা আমাৰ মাছ ধৰাৰ মূল উৎস আছিল ।
জন্মৰে
পৰা ঘৰত মাক এৰী আৰু পাট পলু পোহা দেখিছিলো ।মায়ে কোনোবা চুবুৰীয়াৰ ঘৰৰ পৰা নাইবা ওচৰ-পাজৰ
গাঁৱৰ পৰা এৰী-পাটৰ সঁচ বিছাৰি আনিছিল।কোকোন ৰূপী সঁচ বোৰ বেজী-সূতা লৈ মালাৰ দৰে গাঁঠি
বেৰত থকা গজালত ওলমাই থয় ।কিছুদিনৰ পিচত আঁহবোৰ ফালি পখিলা ওলাই আহে।মায়ে অতি যতনেৰে
পখিলাবোৰ খৰিকাত বান্ধে ।খৰিকাবোৰ ঘৰৰ ছাল বনোৱা খেৰেৰে তৈয়াৰ কৰা হয় ।সৰু-সৰু মুঠিত
খেৰবোৰ প্ৰায় একফুট মান দীঘলীয়াকৈ ৰাখি ওপৰৰ ফালে কাপোৰ থোৱা হেঙাৰবোৰৰ দৰে এটা হোক
তৈয়াৰ কৰি লোৱা হয় যাতে সহজে ওলমাই ৰাখিব পাৰি।প্ৰায় এসপ্তাহৰ ভিতৰত পখিলাই কণী পাৰে,
কণীবোৰ খৰিকাৰ পৰা এৰোৱাই এখন পৰিষ্কাৰ কাপোৰত টোপোলা বান্ধি থয় ।অলপ দিনৰ ভিতৰতে কণীফুটি
সৰু-সৰু পলু বোৰ ওলাই আহে ।কিমান যে যতনেৰে ৰাখিব লাগে এই পলুবোৰ । এৰীৰ বাবে কেচেৰু
বা এৰা গছ আৰু পাট পলুৰ বাবে নুনী গছৰ কুমলীয়া পাত চিঙি আনি পৰিষ্কাৰ কৰি মিহি-মিহি
কৈ কাটিব লাগে আৰু ডাঙৰ ডলা এখনত কাপোৰ পাৰি তাতে পলুবোৰ থৈ তাৰ ওপৰত পাতবোৰ চতিয়াই
দিলে অলপ সময়ৰ ভিতৰতে খাই শেষ কৰি পেলায় ।প্ৰতিদিনে বাঢ়ি অহা পলুবোৰ আকৌ পৰিষ্কাৰ অন্য
এখন ডলালৈ তুলি নিব লাগে ।কণী ফুটি ওলোৱাৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈ পলুবোৰে কেইবাবাৰো
নিজৰ ছালখন সলনি কৰে অৰ্থাত মোট সলায় ।ইহঁতৰ বিভিন্ন বয়স
বোৰক ছাঁই উৰুৱা,দুই ওলোৱা,তিনি ওলোৱা,চাৰি ওলোৱা আদি নামেৰে
নামাকৰণ কৰা হয় ।চাৰি ওলোৱাটো প্ৰাপ্ত বয়স্ক ,কাৰণ তাৰ পিচতে পলুবোৰ পকি কোকোন তৈয়াৰ
কৰে ।
পকাৰ লগে
লগে পলুবোৰ যলৈ তলৈ ধাপলি মেলে ,যেন সিহঁতৰ মাজত দৌৰ প্ৰতিযোগীতাহে চলে ।সেয়ে প্ৰতিক্ষণতে
সিহঁতক নিৰীক্ষণ কৰিব লগা হয় ।পকা পলু পৰীক্ষা কৰাটো বৰ আনন্দ দায়ক ।অভিজ্ঞ চকুৰে দেখিলেই
চিনি পায় যদিও ,সন্দেহ মাৰ নিয়াবলৈ পলু এটা হাতত লৈ তাৰ ঠেং কেইটাত বুঢ়া আঙুলীৰে ঘৰ্ষণ
কৰিব লাগে আৰু এই ঘৰ্ষণৰ ফলত অতি শ্ৰুতিমধুৰ শব্দৰ সৃষ্টি হয় ।কাণৰ কাষলৈ পলুবোৰ ধৰি
আনি ঘঁহি-ঘঁহি পৰীক্ষা কৰি কি যে ফুৰ্টি লাগে ।পকা পলুবোৰক বাঁহ বান্ধিবলৈ শুকান গছৰ
পাত ,বিশেষকৈ কলৰ মাৰলী গোটাই তাতে এৰি দিয়া হয়। দুইএঘণ্টা খৰমৰাই থাকি নিজৰ বাবে উপযুক্ত
ঠাই বিছাৰি সিহঁত খোলাটো তৈয়াৰত ব্যস্ত হৈ
পৰে ।এই প্ৰক্ৰিয়াত এটি মৃদু সংগীতময় পৰিৱেশ সৃষ্টি হয়। যেন সুমধুৰ গীতৰ গুঞ্জণ ।এসপ্তাহ
মানৰ পিচতে শুকান পাতৰ পৰা লেটাযুক্ত খোলা বোৰ টানি টানি এৰোৱা হয় ।
পাট নাইবা
এৰী কাপোৰ-কানি ববলৈ সমগ্ৰ প্ৰক্ৰিয়াৰ এয়া চৰিভাগৰ এভাগ মাথোন।লেটা সিজাই, সূতা কাটি
,তাঁত বাতি কৰি কাপোৰ বোৱালৈ এখন মহাভাৰত ৰচনাৰ কাল ।ঢকুৱাখনা অঞ্চলৰ উৎপাদিত এই এৰী/মুগা/পাটৰ
সামগ্ৰীসমূহৰ সমাদৰ বৰ্তমান সময়ত যথেষ্ট দেখা যায় ।সেয়ে মোৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ
দৰে মইও এই ব্যৱসায়ত জৰিত কুটুমৰ দৰে ডেকা সকলক এখন বজাৰৰ লগত চিনাকি কৰি দিবলৈ যত্ন
কৰিছোঁ ।ঘৰে-ঘৰে গৈ কাপোৰ সংগ্ৰাহক ডেকা সকল আৰু গ্ৰাহকৰ মাজত ই এক সেতু । এই যোগসূত্ৰ
ভাল দৰে বুজিবলৈ কিছু সময়ৰ বাবে দুলীয়াজানৰ প্ৰেক্ষাপত জনাৰ আৱশ্যক ।
বৈবাহিক
সূত্ৰে দুলীয়াজানৰ নিবাসী হৈ ইয়াৰ জালনী লেডিজ ক্লাবৰ সদস্য হোৱাৰ সুযোগ লাভ কৰিছো
।এই ক্লাবে নীৰৱে অলেখ জনকল্যাণকামী সেৱা আগবঢ়াই আহিছে ।নিয়মিত ভাবে প্ৰায় তেৰটা প্ৰজেক্টত
সদস্য সকলে সেৱা আগবঢ়াই আহিছে।এই ক্লাবৰ সদস্য হিচাপে জনসাধাৰণৰ জ্ঞাতাৰ্থে এই সমূহ
কৰ্মৰাজীৰ আলোচনা কৰাটো মোৰ কৰ্তব্যৰ ভিতৰত পৰে । সেই সমূহ মূখ্যত দুটা ভাগত বিভক্ত
কৰিব পাৰি ; উৎপাদন মূলক আৰু দাতব্য ।
উৎপাদন
মূলক সমূহ হ`ল;
১) Project Tiny tots
: ই এক প্ৰাক প্ৰাথমিক বিদ্যালয় আৰু ক্লাবৰ বুজন পৰিমানৰ উপাৰ্জন
ইয়াৰ দ্বাৰা হয় ।অতি উচ্ছ শিক্ষিত সদস্য সকলে অতি সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত ইয়াত
শিক্ষকতা কৰে ।
২)
Project Sangini : অইল ইণ্ডিয়া দ্বাৰা লিজত দিয়া ই এক ভৱন আধুনিক
সকলো সা-সুবিধাৰে সজ্জিত এই ভৱন কিছু মাননীৰ বিনিময়ত; জন্মদিন, বিবাহ ,সাস্কৃতিক অনুস্থান
আদি অনুস্থিত কৰিবলৈ দিয়া হয় ।
৩) Project
Srijanee : ইয়াৰ দ্বাৰা কুটীৰ শিল্পগত সামগ্ৰীসমূহৰ বিক্ৰীৰ
বাবে এখন বজাৰ তৈয়াৰ কৰা হয় আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নজনে সামান্য মাননীৰ বিনিময়ত
ইয়াৰ সুবিধা গ্ৰহণ কৰে ,
দাতব্য
আৰু সেৱামূলক প্ৰজেক্ট সমূহ হ`ল ;
১) Project
Nightingale: ইয়াৰ দ্বাৰা যাতায়তৰ সুবিধা নথকা ভিতৰুৱা গাঁও সমূহত
বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ পতা হয় ।অইল ইণ্ডিয়া হস্পিতলৰ দ্বাৰা
দান কৰা ঔষধ আৰু ক্লাবৰ সদস্য ডাক্টৰ সকলৰ দ্বাৰা প্ৰতিমাহে সেৱা আগবঢ়োৱা হয় । ইয়াৰ
ভিতৰত থাকে স্বাস্থ্যৰ পৰীক্ষা,বিনামূল্য ঔষধ বিতৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন জীৱন-যাপনৰ
আৰ্হি দেখুওৱা ।
২) Project
Anubhav: ইয়াৰ দ্বাৰা মৰাণস্থিত অন্ধ বিদ্যালয়ত অত্যাৱশ্যকীয়
সামগ্ৰী সমূহৰ যোগান ধৰাৰ লগতে সদস্য সকলে তাৰ বিদ্যাৰ্থী সকলৰ লগত নিয়মিত ভাবে গীত-মাতৰ জৰিয়তে আন্তৰিকতা সৃষ্টিৰ প্ৰয়াস কৰে ।
৩)Project
Spars: ইয়াৰ দ্বাৰা তিনচুকীয়াত
অৱস্থিতি এখন অনাথালয়ত (য`ত কিছু বয়সস্থ অনাথ ৰোগীয়েও বাস কৰে ) খাদ্য আৰু অত্যাৱশ্যকীয়
সামগ্ৰীৰ যোগান ধৰা হয় ।ক্লাবৰ কিছু সদস্যই ইয়াত নিজাববীয়াকৈও নিয়মিত ভাবে প্ৰয়োজনীয়
বস্তুৰ যোগান ধৰে ।
৪) Project
Sanskaar: ইয়াৰ দ্বাৰা ওচৰ চুবুৰীয়া গাঁও সমূহ তথা আৱসীক এলেকাত
থকা servant quarter ত বাস
কৰা কৈশোৰ-যুৱতী সকলক সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ
শিক্ষাদান কৰা হয় ।শিক্ষা আৰু নিজৰ ব্যক্তিত্বৰ প্ৰতি সজাগ নোহোৱা এই কোমল বয়সৰ গাভৰু
সকল ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে ।
৫)Project
Aswaas: দুলীয়াজান
স্থিত মৃনালজ্যোতি, এখন বিশেষ বিদ্যালয় ।ইয়াত অধ্যয়নৰত শিশু সকল মানসিক আৰু শাৰীৰিক
ভাবে special child চিহ্নিত
কৰি , সেই হিচাপে শিক্ষা প্ৰদান কৰা
হয় আৰু জালনী লেডিজ ক্লাবৰ সদস্য সকলে তেওঁলোকৰ বাবে নিয়মিত ভাৱে সেৱা আগ বঢ়ায় ।
৬) Project
Snehalay: ইয়াৰ দ্বাৰা নিকতৱৰ্তী আশ্ৰমত বাস কৰা মানসিক আৰু
শাৰীৰিক ভাবে ৰোগগ্ৰস্ত লোকসকলক নিয়মিতৰূপে অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্বাৰা সাহায্য আগবঢ়োৱা হয় ।
৭) Project
Kalasangam: ইয়াৰ দ্বাৰা ওপৰত উল্লেখিত সংগিনী ভৱনত দুখীয়া-নিছলা
ছাত্ৰীক কাপোৰৰ চিলাই, কাটিং আদি বিনামূলীয়াকৈ শিকোৱা হয় ।ই হৈছে productive
skill development training ।
৮) Project
Literacy Drive: ইয়াৰ দ্বাৰা সাধ্যানুসাৰে দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক
এক-কালীন বৃত্তি প্ৰদান কৰি আৰ্থিকভাৱে সহায় কৰা হয় ।
৯) Project
Eco Drive: ইয়াৰ দ্বাৰা অইল ইণ্ডিয়া আৱাসিক অঞ্চলৰ পাৰ্ক সমূহ
পৰিচালনা কৰাৰ লগতে পৰিৱেশ সজাগতাৰ অনেক কাৰ্য্যপন্থা সমাধান কৰা হয় ।
১০) Project
Gayatree: ইয়াৰ দ্বাৰা সদস্য সকলৰ স্বাস্থ্য ৰক্ষাৰ বাবে যোগাসন আৰু ধ্যানৰ শিক্ষা
দিয়া হয় ।
আৰম্ভণিতে
উল্লিখিত কুটুমৰ লগত সম্পৰ্ক থকা প্ৰজেক্ট হল “সৃজনী”।ইয়াৰ দ্বাৰা গঢ়ি তোলা বজাৰ খনে
অসম তথা ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ কুটিৰ শিল্পৰ লগত জৰিত ব্যক্তিকো সামান্য অনুদানৰ
বিনিময়ত সামগ্ৰীসমূহৰ বিক্ৰীৰ সুবিধা দিয়ে।আমাৰ দৰে সদস্য সকলেও এই সুবিধা লাভ কৰে
বাবে কুটুমৰ দৰে যুৱকক এই বজাৰ খনৰ লগত চিনাকি কৰি দিব পাৰিছো।ইয়াৰ সীমাৱদ্ধতা এয়ে
যে বছৰত কেৱল দুবাৰ হে এই বজাৰ বহে। অন্যথা গ্ৰাহকৰ সংখ্যা কমি যায় ।বৰ্তমান এই সামান্য
যত্নৰ দ্বাৰা ঢকুৱাখনা আৰু দুলীয়াজানৰ সংযোগী সেতু হোৱাটো মোৰ বাবে পৰম সৌভাগ্য।
No comments:
Post a Comment