Tuesday, 6 February 2018

দুলীয়াজানত ঢকুৱাখনাৰ দুখৰীয়া স্মৃতি আৰু এখন সেতু

       
হিৰন্ময়ী দাস গগৈ                                                                                                                                                                                    
হেল` বাইদেউ ,ভাল নে আপোনাৰ ? মবাইল phone ত কুটুমৰ মাত ।
ভালেই আছো, তোমাৰ কেনে,খেতি-বাতি কেনে হৈছে এইবাৰ ?
এইবাৰ ঢকুৱাখনাত পানী হোৱা নাই, খেতি ভাল হৈছে ।মাতমৰাৰ জিঅ`টিউবৰ মথাউৰিয়ে আজি কেইবছৰ মানৰ পৰা আমাক বচাই আছে ।আপুনি অলপ সহায় কৰি দিব বুলি phone টো কৰিছোং আৰু ।আপোনাৰ ঘৰৰ বাইদেউ/ দাদা সবেই সহায় কৰি থাকে । আপুনিও ভাল ঠাইত থাকে, এইবাৰ আপোনাৰ তাতে যাম বুলি ভাবিছো আৰু ।
হব দিয়া,আহিবা । কেতিয়া আহিব লাগে সেইটো মই দুদিনমান পিচতহে জনাব পাৰিম । এই কথোপকথন আছিল মোৰ মোৰ শৈশৱ আৰু কৈশোৰৰ সোণালী দিন পাৰ কৰা আইৰ ঘৰৰ কাষৰীয়া, মিচিং গাঁৱৰ ডেকা কুটুমৰ লগত ।কুটুমৰ দৰে অনেক মিচিং ডেকাৰ বৰ্তমানৰ ব্যৱসায় হ`ল ,গাঁৱে-গাঁৱে ঘূৰি মিচিং কাংকান হঁতে তাঁতত বৈ উলিওৱা ;মুগা/এৰী/পাট/কপাহী আদিৰ মেখেলা-ছাদৰ সংগ্ৰহ কৰি কোনোবা মেলা নাইবা ডাঙৰ চহৰ সমূহত বিক্ৰী কৰা ।বৰ্তমান গাওঁ-চহৰ,দেশ-বিদেশ সকলোতে বাস কৰা অসমীয়া মহিলা সকলৰ মাজত শাঁলত বোৱা মেখেলা-ছাদৰে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ।বিশেষ অনুস্থান আদিত পৰিধান কৰাৰ উপৰিও , অফিচ/স্কুল/কলেজ আদিত কাম কৰোতে পৰিধান কৰিবলৈ মেখেলা-ছাদৰক অগ্ৰাধিকাৰ দিয়া দেখা যায়।মিচিং শিপিনীয়ে তেওঁলোকৰ নিজা জনজাতীয় আৰ্হিত তৈয়াৰ কৰা এসাজ কাপোৰ নিজৰ আলমীৰাত সামৰি ৰখা নাইবা বিশেষ অনুস্থান আদিত পৰিধান কৰাটো বৰ্তমান সময়ত প্ৰত্যেক গৰাকী অসমীয়া জীয়াৰী-বোৱাৰীৰ বাবে স্ংস্কৃতিবান হোৱাৰ প্ৰতীক ।ইয়াৰ পৰা মই আৰু মোৰ বাই-ভনী সকলো বাদ পৰি যোৱা নাই।জন্মসূত্ৰে ঢকুৱাখনাৰ হোৱা বাবে এই সমূহ আমাৰ বাবে অলপ সহজ লভ্য । সঁচা অৰ্থত ভালৰ ভাল বোৰেই আমাৰ হাতত পৰে ।আমাৰ বাই-ভনীবোৰৰ অলেখ বন্ধু-বান্ধবী ,যি সমূহ স্কুল/কলেজ/ইউনিভাৰ্চিটি আদিত লগ পোৱা ।কেতিয়াবা পুৰণি বান্ধবী সকলক লগ পালে এনে হাস্যকৰ পৰিবেশ হয় যে, আমি বোৰে পিন্ধা কাপোৰ বোৰ টনা-আজোৰা হয় ।ফল স্বৰূপে তেনে এসাজ কাপোৰ জোগাৰ কৰি দিবলৈ প্ৰতিজ্ঞা বদ্ধ হবলগা হয় ।কুটুমৰ দৰে ডেকাসকলক সহায় কৰাৰ মূল সূত্ৰটো তাতেই লুকাই আছে ।

জন্মৰে পৰা ঢকুৱাখনাত ডাঙৰ-দীঘল হোৱাৰ বাবে কিছুমান আপুৰুগীয়া কাৰ্য্যৰ সাক্ষী হোৱাৰ লগতে অংশীদাৰ হোৱাৰ সুযোগ পাইছিলো যি সমূহ আমাৰ পিচৰ চাম ল`ৰা-ছোৱালীয়ে বিশ্বাস কৰিবলৈ টান পায় ।এই সমূহৰ ভিতৰত উল্লেখ কৰিব পৰা বোৰ হ`ল; জাকৈৰে মাছ ধৰা,মুগাৰ চোমনীত গৈ মুগা পলুবোৰৰ ৰখীয়া হোৱা,ঘৰত এৰী আৰু পাট পলু পোহাত মাক সহায় কৰি দিয়া আদি ।
আমাৰ ঘৰৰ সমূখত  এখন বিশাল পথাৰ আৰু আনন্দৰ বিষয় যে জন্মৰ পৰা দেখা পথাৰখন এতিয়াও একেই আছে ।পথাৰ খনত বাৰিষাৰ পানী  ভৰিৰ সৰুগাঁঠিৰ ওপৰ হলে , স্কুলৰ পৰা আহি ভঁৰালৰ গান্ধৈত থোৱা জাকৈ এখন লৈ লৰ মাৰো ।জাকৈখন পাতি লৈ পথাৰৰ ঘাঁহ-বনৰ ওপৰে চোঁচৰাই  লৈ গলে তাত সৰু-সৰু কাৱৈ পোৱালি (দেউতাই কাৱৈটিলা বুলি কৈছিল),পুঠি আদি জপিয়াই থাকে ।এইদৰে মাছ ধৰাৰ আনন্দৰ কথা সুঁৱৰিলে কিয় জানো চকু জুৰি সেমেকি উঠে ।বিশেষকৈ মোৰ আৰু খুৰীদেউৰ (তেতিয়া আমাৰ join family আছিল ) মাছধৰাৰ খুওব চখ আছিল।ঘৰত গালি খালেও আমি দুয়ো খুওব মাছ ধৰিছিলো আৰু কেতিয়াবা ভন্টী হঁতৰ লগত বৰশীও টোপাইছিলো ।ঘৰৰ পিচফালে থকা জয়সাগৰ (শিৱসাগৰৰ খন নহয়) বিল আৰু বৃহত বৰপথাৰ খনৰ মাজেৰে মাটি কাতি অতীততে গঢ়ি  লোৱা ,বিলখন  সংলগ্ন জান দুটা আমাৰ মাছ ধৰাৰ মূল উৎস আছিল ।

জন্মৰে পৰা ঘৰত মাক এৰী আৰু পাট পলু পোহা দেখিছিলো ।মায়ে কোনোবা চুবুৰীয়াৰ ঘৰৰ পৰা নাইবা ওচৰ-পাজৰ গাঁৱৰ পৰা এৰী-পাটৰ সঁচ বিছাৰি আনিছিল।কোকোন ৰূপী সঁচ বোৰ বেজী-সূতা লৈ মালাৰ দৰে গাঁঠি বেৰত থকা গজালত ওলমাই থয় ।কিছুদিনৰ পিচত আঁহবোৰ ফালি পখিলা ওলাই আহে।মায়ে অতি যতনেৰে পখিলাবোৰ খৰিকাত বান্ধে ।খৰিকাবোৰ ঘৰৰ ছাল বনোৱা খেৰেৰে তৈয়াৰ কৰা হয় ।সৰু-সৰু মুঠিত খেৰবোৰ প্ৰায় একফুট মান দীঘলীয়াকৈ ৰাখি ওপৰৰ ফালে কাপোৰ থোৱা হেঙাৰবোৰৰ দৰে এটা হোক তৈয়াৰ কৰি লোৱা হয় যাতে সহজে ওলমাই ৰাখিব পাৰি।প্ৰায় এসপ্তাহৰ ভিতৰত পখিলাই কণী পাৰে, কণীবোৰ খৰিকাৰ পৰা এৰোৱাই এখন পৰিষ্কাৰ কাপোৰত টোপোলা বান্ধি থয় ।অলপ দিনৰ ভিতৰতে কণীফুটি সৰু-সৰু পলু বোৰ ওলাই আহে ।কিমান যে যতনেৰে ৰাখিব লাগে এই পলুবোৰ । এৰীৰ বাবে কেচেৰু বা এৰা গছ আৰু পাট পলুৰ বাবে নুনী গছৰ কুমলীয়া পাত চিঙি আনি পৰিষ্কাৰ কৰি মিহি-মিহি কৈ কাটিব লাগে আৰু ডাঙৰ ডলা এখনত কাপোৰ পাৰি তাতে পলুবোৰ থৈ তাৰ ওপৰত পাতবোৰ চতিয়াই দিলে অলপ সময়ৰ ভিতৰতে খাই শেষ কৰি পেলায় ।প্ৰতিদিনে বাঢ়ি অহা পলুবোৰ আকৌ পৰিষ্কাৰ অন্য এখন ডলালৈ তুলি নিব লাগে ।কণী ফুটি ওলোৱাৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈ পলুবোৰে কেইবাবাৰো নিজৰ ছালখন সলনি কৰে অৰ্থাত মোট সলায় ।ইহঁতৰ বিভিন্ন বয়স বোৰক ছাঁই উৰুৱা,দুই ওলোৱা,তিনি ওলোৱা,চাৰি ওলোৱা আদি নামেৰে নামাকৰণ কৰা হয় ।চাৰি ওলোৱাটো প্ৰাপ্ত বয়স্ক ,কাৰণ তাৰ পিচতে পলুবোৰ পকি কোকোন তৈয়াৰ কৰে ।
পকাৰ লগে লগে পলুবোৰ যলৈ তলৈ ধাপলি মেলে ,যেন সিহঁতৰ মাজত দৌৰ প্ৰতিযোগীতাহে চলে ।সেয়ে প্ৰতিক্ষণতে সিহঁতক নিৰীক্ষণ কৰিব লগা হয় ।পকা পলু পৰীক্ষা কৰাটো বৰ আনন্দ দায়ক ।অভিজ্ঞ চকুৰে দেখিলেই চিনি পায় যদিও ,সন্দেহ মাৰ নিয়াবলৈ পলু এটা হাতত লৈ তাৰ ঠেং কেইটাত বুঢ়া আঙুলীৰে ঘৰ্ষণ কৰিব লাগে আৰু এই ঘৰ্ষণৰ ফলত অতি শ্ৰুতিমধুৰ শব্দৰ সৃষ্টি হয় ।কাণৰ কাষলৈ পলুবোৰ ধৰি আনি ঘঁহি-ঘঁহি পৰীক্ষা কৰি কি যে ফুৰ্টি লাগে ।পকা পলুবোৰক বাঁহ বান্ধিবলৈ শুকান গছৰ পাত ,বিশেষকৈ কলৰ মাৰলী গোটাই তাতে এৰি দিয়া হয়। দুইএঘণ্টা খৰমৰাই থাকি নিজৰ বাবে উপযুক্ত ঠাই বিছাৰি সিহঁত  খোলাটো তৈয়াৰত ব্যস্ত হৈ পৰে ।এই প্ৰক্ৰিয়াত এটি মৃদু সংগীতময় পৰিৱেশ সৃষ্টি হয়। যেন সুমধুৰ গীতৰ গুঞ্জণ ।এসপ্তাহ মানৰ পিচতে শুকান পাতৰ পৰা লেটাযুক্ত খোলা বোৰ টানি টানি এৰোৱা হয় ।
পাট নাইবা এৰী কাপোৰ-কানি ববলৈ সমগ্ৰ প্ৰক্ৰিয়াৰ এয়া চৰিভাগৰ এভাগ মাথোন।লেটা সিজাই, সূতা কাটি ,তাঁত বাতি কৰি কাপোৰ বোৱালৈ এখন মহাভাৰত ৰচনাৰ কাল ।ঢকুৱাখনা অঞ্চলৰ উৎপাদিত এই এৰী/মুগা/পাটৰ সামগ্ৰীসমূহৰ সমাদৰ বৰ্তমান সময়ত যথেষ্ট দেখা যায় ।সেয়ে মোৰ পৰিয়ালৰ অন্যান্য সদস্যসকলৰ দৰে মইও এই ব্যৱসায়ত জৰিত কুটুমৰ দৰে ডেকা সকলক এখন বজাৰৰ লগত চিনাকি কৰি দিবলৈ যত্ন কৰিছোঁ ।ঘৰে-ঘৰে গৈ কাপোৰ সংগ্ৰাহক ডেকা সকল আৰু গ্ৰাহকৰ মাজত ই এক সেতু । এই যোগসূত্ৰ ভাল দৰে বুজিবলৈ কিছু সময়ৰ বাবে দুলীয়াজানৰ প্ৰেক্ষাপত জনাৰ আৱশ্যক ।
বৈবাহিক সূত্ৰে দুলীয়াজানৰ নিবাসী হৈ ইয়াৰ জালনী লেডিজ ক্লাবৰ সদস্য হোৱাৰ সুযোগ লাভ কৰিছো ।এই ক্লাবে নীৰৱে অলেখ জনকল্যাণকামী সেৱা আগবঢ়াই আহিছে ।নিয়মিত ভাবে প্ৰায় তেৰটা প্ৰজেক্টত সদস্য সকলে সেৱা আগবঢ়াই আহিছে।এই ক্লাবৰ সদস্য হিচাপে জনসাধাৰণৰ জ্ঞাতাৰ্থে এই সমূহ কৰ্মৰাজীৰ আলোচনা কৰাটো মোৰ কৰ্তব্যৰ ভিতৰত পৰে । সেই সমূহ মূখ্যত দুটা ভাগত বিভক্ত কৰিব পাৰি ; উৎপাদন মূলক আৰু দাতব্য ।
উৎপাদন মূলক সমূহ হ`ল;
 ১) Project Tiny tots : ই এক প্ৰাক প্ৰাথমিক বিদ্যালয় আৰু ক্লাবৰ বুজন পৰিমানৰ উপাৰ্জন ইয়াৰ দ্বাৰা হয় ।অতি উচ্ছ শিক্ষিত সদস্য সকলে অতি সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত ইয়াত শিক্ষকতা কৰে ।
২) Project Sangini : অইল ইণ্ডিয়া দ্বাৰা লিজত দিয়া ই এক ভৱন আধুনিক সকলো সা-সুবিধাৰে সজ্জিত এই ভৱন কিছু মাননীৰ বিনিময়ত; জন্মদিন, বিবাহ ,সাস্কৃতিক অনুস্থান আদি অনুস্থিত কৰিবলৈ দিয়া হয় ।
৩) Project Srijanee : ইয়াৰ দ্বাৰা কুটীৰ শিল্পগত সামগ্ৰীসমূহৰ বিক্ৰীৰ বাবে এখন বজাৰ তৈয়াৰ কৰা হয় আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নজনে সামান্য মাননীৰ বিনিময়ত ইয়াৰ সুবিধা গ্ৰহণ কৰে ,
দাতব্য আৰু সেৱামূলক প্ৰজেক্ট সমূহ হ`ল ;
১) Project Nightingale: ইয়াৰ দ্বাৰা যাতায়তৰ সুবিধা নথকা ভিতৰুৱা গাঁও সমূহত বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ পতা হয় ।অইল ইণ্ডিয়া হস্পিতলৰ দ্বাৰা দান কৰা ঔষধ আৰু ক্লাবৰ সদস্য ডাক্টৰ সকলৰ দ্বাৰা প্ৰতিমাহে সেৱা আগবঢ়োৱা হয় । ইয়াৰ ভিতৰত থাকে স্বাস্থ্যৰ পৰীক্ষা,বিনামূল্য ঔষধ বিতৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন জীৱন-যাপনৰ আৰ্হি দেখুওৱা ।
২) Project Anubhav: ইয়াৰ দ্বাৰা মৰাণস্থিত অন্ধ বিদ্যালয়ত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ যোগান ধৰাৰ লগতে সদস্য সকলে তাৰ বিদ্যাৰ্থী সকলৰ লগত নিয়মিত ভাবে  গীত-মাতৰ জৰিয়তে আন্তৰিকতা সৃষ্টিৰ প্ৰয়াস কৰে ।
৩)Project Spars: ইয়াৰ দ্বাৰা তিনচুকীয়াত অৱস্থিতি এখন অনাথালয়ত (য`ত কিছু বয়সস্থ অনাথ ৰোগীয়েও বাস কৰে ) খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা হয় ।ক্লাবৰ কিছু সদস্যই ইয়াত নিজাববীয়াকৈও নিয়মিত ভাবে প্ৰয়োজনীয় বস্তুৰ যোগান ধৰে ।
৪) Project Sanskaar: ইয়াৰ দ্বাৰা ওচৰ চুবুৰীয়া গাঁও সমূহ তথা আৱসীক এলেকাত থকা servant quarter ত বাস কৰা কৈশোৰ-যুৱতী  সকলক সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিক্ষাদান কৰা হয় ।শিক্ষা আৰু নিজৰ ব্যক্তিত্বৰ প্ৰতি সজাগ নোহোৱা এই কোমল বয়সৰ গাভৰু সকল ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে ।
৫)Project Aswaas:  দুলীয়াজান স্থিত মৃনালজ্যোতি, এখন বিশেষ বিদ্যালয় ।ইয়াত অধ্যয়নৰত শিশু সকল মানসিক আৰু শাৰীৰিক ভাবে special child চিহ্নিত কৰি , সেই হিচাপে শিক্ষা প্ৰদান কৰা হয় আৰু জালনী লেডিজ ক্লাবৰ সদস্য সকলে তেওঁলোকৰ বাবে নিয়মিত ভাৱে সেৱা আগ বঢ়ায় ।
৬) Project Snehalay: ইয়াৰ দ্বাৰা নিকতৱৰ্তী আশ্ৰমত বাস কৰা মানসিক আৰু শাৰীৰিক ভাবে ৰোগগ্ৰস্ত লোকসকলক নিয়মিতৰূপে অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্বাৰা  সাহায্য আগবঢ়োৱা হয় ।
৭) Project Kalasangam: ইয়াৰ দ্বাৰা ওপৰত উল্লেখিত সংগিনী ভৱনত দুখীয়া-নিছলা ছাত্ৰীক কাপোৰৰ চিলাই, কাটিং আদি বিনামূলীয়াকৈ শিকোৱা হয় ।ই হৈছে productive skill development training
৮) Project Literacy Drive: ইয়াৰ দ্বাৰা সাধ্যানুসাৰে দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক এক-কালীন বৃত্তি প্ৰদান কৰি আৰ্থিকভাৱে সহায় কৰা হয় ।
৯) Project Eco Drive: ইয়াৰ দ্বাৰা অইল ইণ্ডিয়া আৱাসিক অঞ্চলৰ পাৰ্ক সমূহ পৰিচালনা কৰাৰ লগতে পৰিৱেশ সজাগতাৰ অনেক কাৰ্য্যপন্থা সমাধান কৰা হয় ।
১০) Project Gayatree: ইয়াৰ দ্বাৰা সদস্য সকলৰ  স্বাস্থ্য ৰক্ষাৰ বাবে যোগাসন আৰু ধ্যানৰ শিক্ষা দিয়া হয় ।
আৰম্ভণিতে উল্লিখিত কুটুমৰ লগত সম্পৰ্ক থকা প্ৰজেক্ট হল “সৃজনী”।ইয়াৰ দ্বাৰা গঢ়ি তোলা বজাৰ খনে অসম তথা ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ কুটিৰ শিল্পৰ লগত জৰিত ব্যক্তিকো সামান্য অনুদানৰ বিনিময়ত সামগ্ৰীসমূহৰ বিক্ৰীৰ সুবিধা দিয়ে।আমাৰ দৰে সদস্য সকলেও এই সুবিধা লাভ কৰে বাবে কুটুমৰ দৰে যুৱকক এই বজাৰ খনৰ লগত চিনাকি কৰি দিব পাৰিছো।ইয়াৰ সীমাৱদ্ধতা এয়ে যে বছৰত কেৱল দুবাৰ হে এই বজাৰ বহে। অন্যথা গ্ৰাহকৰ সংখ্যা কমি যায় ।বৰ্তমান এই সামান্য যত্নৰ দ্বাৰা ঢকুৱাখনা আৰু দুলীয়াজানৰ সংযোগী সেতু হোৱাটো মোৰ বাবে পৰম সৌভাগ্য।


Monday, 5 February 2018

গৰমজানত প্ৰজেক্ট নাইটিংগেল

                 - হিৰন্ময়ী দাস গগৈ


হেল' বৌ,আপোনাক ঘৰৰ পৰা পিক-আপ কৰিম নে আপুনি আমাৰ ঘৰলৈ আহিব? ম'বাইলত পল্লৱীৰ মিঠা মাতটো ভাঁহি আহিল ।মই অলপ চিন্তাত পৰিলো,ইমান গাল বস্তুলৈ পল্লৱীৰ ঘৰলৈ কেনেকৈ যাওঁ !তাইক কলো, "মোৰ বহুত বেগ আছে অ' ,সেয়ে ঘৰৰ পৰাই লৈ যাবাহি ।থিক আছে বৌ, মই দহ মিনিটৰ ভিতৰত আপোনাৰ ঘৰ পামগৈ,আপুনি ৰেডি থাকক ।ইয়াকে কৈ পল্লৱীয়ে ম'বাইলৰ কানেকচন কাটি দিলে ।আজি এসপ্তাহ আগত লেডিজক্লাবৰ  মিটিংত কথা হৈছিল যে "গৰমজানত" প্ৰজেক্ট নাইটিংগেলৰ কেম্প এটা জ্যোতিবৌয়ে থিক কৰিছে ।সেয়ে কনভেনৰ পল্লৱীৰ লগত অইলৰ "পেৰা মেডিকেল টিম" এটা আৰু কোন কোন যাবলৈ ইচ্ছা কৰে তাকেলৈ আলোচনা হৈছিল ।ৰুমঝুম,যুতিকা,বন্দনা আৰু মই পল্লৱীৰ লগত যাম বুলি থিক কৰিলো ।পিচত অইল মেডিকেলৰ দুগৰাকী ডাক্টৰ মধুস্মিতা আৰু টামাৰীনাও আমাৰ লগত যাব বুলি হস্পিতলৰ পৰা জনালে ।গ্ৰোপটো বেচ ডাঙৰেই হ'ল ।আলোচনা আৰম্ভ হ'ল ;গৰমজান গাওঁখনত কেতিয়াও এনে কেম্প হোৱা নাই আৰু মানুহবোৰ অতি দুখীয়া হোৱাৰ লগতে বানপিড়িত ।সকলোকে যিমান পাৰি কাপোৰ-কানি আৰু খোৱা সামগ্ৰী সংগ্ৰহ কৰি লগত লৈ যাবলৈ কোৱা হ'ল ।কথামতেই কাম আগবাঢ়িল ।লেডিজ ক্লাবৰ ফালৰ পৰা অলপ খোৱা সামগ্ৰী আগবঢ়ালে,যিয়ে যিমান পাৰে বস্তু-বাহনী সংগ্ৰহ কৰি যথা সময়ত যাবলৈ ওলালো ।পল্লৱীয়ে কোৱা মতে দহমিনিটৰ পিচতে জ্যোতিবৌৰ সতে ৰঙাৰঙৰ টাটাচ'ম' এখনত আহি আমাৰ পদুলি পালেহি ।মইও লৰালৰিকৈ সৃষ্টিৰ লগত লগহৈ মোৰ সংগ্ৰ্হীত বস্তুবোৰ গাড়ীত ভৰাই চাৰে আঠ বজাত  যাত্ৰা আৰম্ভ কৰিলো ।আমাৰ next stoppage আছিল অইল হস্পিটল ,তাতে সকলো লগহোৱাৰ কথা ।সময়মতে সকলো সাজোহ'ল; এখন এম্বুলেঞ্চ, য'ত অইলৰ পেৰামেডিকেল টিমটো আগে-আগে, এখন টাটাচ'ম'ত মই,জ্যোতিবৌ,ডাক্টৰ দুগৰাকী আৰু আন এখন টাটাচ'ম'ত পল্লৱী,বন্দনা,ৰুমঝুম আৰু যুতিকা ।প্ৰায় চাৰে ন বজাত আমি ৰঙাগড়া বাগিছা পাৰহৈ গুইজান ঘাট পালোগৈ ।সিপাৰলৈ গাড়ী নেযায়,গাড়ীৰ পৰা নামি আমি কহুঁৱা নামৰ ফেৰীখনত উঠিলো ।জ্যোতিবৌৰ সহায়ক কেইজনমান আমাৰ বাবে অপেক্ষা কৰি আছিল ।তেওঁলোকে ধৰিমেলি বস্তুবোৰ ফেৰীত উঠালে । ব্ৰহ্মপুত্ৰ এইখিনিত এটি সৰু সূঁতিৰ ৰূপত আছে,তথাপিও এই নব্যৰূপৰ যাত্ৰা লাভকৰি সকলোৰে মন আনন্দৰে ভৰিপৰিল ।প্ৰায় আধাঘন্টা ফেৰী যাত্ৰাৰ পিচত আমি নদী পাৰ হলো ।তাত আমাৰবাবে চৰকাৰী আশাকৰ্মী গৰাকীৰ লগতে গৰমজান গাওঁৰ অনেক লোক অপেক্ষা কৰি আছিল ।ফেৰীৰ পৰা গাওঁ পাবলৈ আমি পানীত নামিবলগা হ'ল ।কান্ধত বেগ,ডিঙিত ওলমি আছে কেমেৰা,এখন হাতত চেন্দেল আৰু আনখন হাতে মেখেলা-চাদৰ কোচাই খোজ লওতেচ্চআমাৰ চসকলোৰে অবস্থা চাবলগীয়া হৈছিল ।তাতে জ্যোতিবৌ আৰু ৰুমঝুমে ৰসাচল কথাৰে সকলোকে হাঁহিৰ খোৰাক যোগাই থাকিল ।



গাওঁৰ মানুহবোৰ আহি যিয়ে যেনেকৈ পাৰে চাইকেলত,কান্ধত,মূৰৰওপৰত বস্তুবোৰ উঠাই ললে ।প্ৰায় এককিলোমিটাৰ গৰম বালিত জপিয়াই-জপিয়াই খোজকাঢ়ি আমি গাওঁ পালোগৈ ।গাওঁৰ ঘৰবোৰৰ জৰাজীৰ্ণ অবস্থা দেখি বৰ বেজাৰ লাগিল ।ইয়াত নাই মানে একোনাই ।পানীযোগান,হস্পিটল,কাৰেন্ট,স্কুল আলি-পদুলি আদিকৰি একোৱেই নাই ।ব্ৰহ্মপুত্ৰৰ এটি সূতিয়ে আধুনিক সমাজৰ পৰা গৰমজান গাওঁ খনক বিচিন্ন কৰি ৰাখিছে ।ডিব্ৰু-চৈখোৱা বৰ্ষা অৰণ্যৰ দাতিতে এই গাওঁখন অবস্থিত ।আমি উপস্থিত হোৱাৰ পিচত ,আহত গছএজোপাৰ তলতে তাৰ্পলীন এখন বান্ধি তাৰ তলত টেবুল,বেঞ্চ আৰু কেইখনমান প্লাচটিকৰ চকী পাৰি ডাক্টৰ আৰু বাকীসকলক বহিবৰ বাবে গাওঁৰ ৰাইজে যোগান ধৰিলে ।

পল্লৱীয়ে ফেষ্টুন খন আৰিবলৈ বিছাৰিছিল,স্থানীয় লোক কেইজনমানে দুডাল ৰচি জোগাৰ কৰি প্ৰজেক্ট নাইটিংগেলৰ ফেষ্টুন আঁৰি দিলে ।পিচে নদীকাখৰীয়া গাওঁৰ বতাহে সেইখন বৰকৈ নচোৱাবলৈ ধৰাত এজনে বুদ্ধি কৰি তলত ৰচিৰে দুটা বাঁহৰমূঢ়া ওলোমাই দিলে ।ফেষ্টুনৰ ৰূপ দেখি টামাৰীনাই হাঁহি সামৰিব নোৱাৰি কলে ,"বাইদেউ ফটো উঠাওক"।সকলোৰে ম'বাইল আৰু কেমেৰা সেইফাললৈ পোনালে ।



লাহে-লাহে স্থানীয় ৰাইজৰ লগতে কণ-কণ ল'ৰা-ছোৱালী বোৰ গোট
খালে ।কেইটামানৰ পেন্টৰ হোক নাই পেন্ট বোৰ হাতেৰে ধৰি আছে,কিছুমানৰ চাৰ্টৰ বুটাম নাই,বহুআশাৰে লাইনত থিয় দিছে ।খোৱা বস্তু পাব,ডাক্টৰক বেমাৰ দেখাব ।পিন্ধা কাপোৰ মলিয়ন হলেও চকুবোৰ উজ্জল ।পেচেন্ট চাবৰ বাবে মধুস্মিতা,টামাৰীনা আৰু বন্দনা সাজোহ'ল ।পল্লৱীয়ে নাম্বাৰ ৰেজিষ্টাৰ কৰি গ'ল,মই আৰু যুতিকাই খোৱাবস্তু বিলালো,ৰূমঝুম আৰু জ্যোতিবৌৱে স্থানীয় লোকসকলৰ লগত কথাবাৰ্তা আৰম্ভ কৰিলে কাৰণ জ্যোতিবৌৱে ডি চিক ৰিপৰ্ট দিব লাগিবগৈ ।সকলোবোৰ সুকলমে পাৰ হৈছিল,খেলি-মেলি লাগিল কাপোৰ বিলাওতে ।কাপোৰ বিলাই থাকোতে গাঁওৰ মানুহবোৰ আহি হেচামাৰি ধৰিলে,ভিৰত আমাৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল।কোনোমতে যুজ-বাগৰ কৰি একমান বজাত কেম্প সামৰা হ'ল ।গাঁওৰ এঘৰত আমাৰ ববে ভাতৰ যোগাৰ কৰিছে বাবে কেম্প এৰি তেওঁলোকৰ লগত খোজ দিলো ।ইয়াত আলি-পদুলি বুলিবলৈ একোনাই ।ঘাঁহনি,পথাৰ আদিৰ ওপৰেদি মানুহৰ খোজে বনমাৰি কৰা লুংলুঙীয়া বাটেদি আগবাঢ়ি আমি এটা চাংঘৰ পালোগৈ ।তাতে লগপালো পূৰ্বাচলত প্ৰকাশপোৱা "লুইতৰ বুকুত শিহুৰ সন্ধানত"ধাৰাবাহিকখনৰ হিৰ' সঞ্জয়ক ।ইয়াকে কয় বোকাত পদুম ফুলা ।সঞ্জয়ৰ লগত বিখ্যাত "ৰিভাৰ ডলফিন"শিহুৰ বিষয়ে অনেক আলোচনা হ'ল ।তেওঁ কেইখনমান ৰিভাৰ ডলফিনৰ পুৰষ্কাৰ বিজয়ী ফ'ট' দেখালে ।ডিব্ৰু-চৈখোৱাৰ বহু অনাবিস্কৃত তথ্য সঞ্জয়ে আমাৰ আগত দাঙিধৰিলে ।সঞ্জয়ৰ ঘৰত দুপৰীয়াৰ আহাৰ খায় তিনিবজাত আমি ঘৰমূৱা হলো ।ওভতনি ফেৰীত উঠি পিচলৈ চাই দেখিলো অলেখ আশাভৰা চকু ।আমাৰো মনত সপোন জাগিল যে জ্যোতিবৌৱে চৰকাৰৰ কিছু আচনিৰ লাভাংশ গৰমজান গাওঁলৈ কঢ়িয়াই আনিব ।ইয়াত এদিন স্কুল হ'ব,বাট-পথ বোৰ গাড়ী চলিব পৰা হব, ঘৰে-ঘৰে লাইট জলিব আৰু স্থানীয় লোকসকলে আধুনিক সমাজৰ লগত সমানে খোজ মিলাব ।

Sunday, 4 February 2018

গল্প আমোল মোল শেৱালীৰ গোন্ধ

                                                                  - হিৰণ্ময়ী দাস গগৈ
                                         






‘হেৰৌ চুমিৰ মাক আহ আক’, বোৱাৰী পাঁচ জনী হব লাগে’ ।
বেটু লগা কেঁচা তামোলত পাঁচ গৰাকী আয়তীৰ কেঞা আঙুলি, আৰু তাৰেই ওপৰেদি হিমানীৰ দীঘল চুলিটাৰিলৈ সুগন্ধি তেল বাগৰি আহিল।
বিয়া নাম গাব নোৱাৰ নেকি অ' ৰুনুমী ? কিহৰনো গান শিকিছ-পঢ়িছ ! নোৱাৰ যদি ম'বাইলটোতে লগাই দে-
হিমানীৰ পেহীয়েক মাহ-হালধি সানি-সানি চিঞৰিলে ।



বেইৰ ওচৰত মূঢ়া এটাত বহি থকা হিমানীৰ মাকৰ চকুৰে দুধাৰি গৰম লোটক বৈ আহিল ।বিয়া দিম-দিম বুলি ছোৱালী জনী ত্ৰিশবছৰীয়া হ’ল । দহ বছৰ ধৰি হাৰ্টৰ বেমাৰত ভোগী থকা মাক, আজিৰ বিয়াখনত কেৱল নিৰৱ দৰ্শক ।বেইতলৰ পৰা হিমানীয়ে মাকক চকুলো মচিবলৈ ইংগিত দিলে ।বহু কষ্টৰ মাজেৰে তাই নিজকে বিয়াৰ বাবে প্ৰ্স্তুত কৰিছে ।মাকৰ চকুৰ পানীৰে তাইৰ বুকুখন আৰু গধুৰ কৰিব খোজা নাই ।
আজিৰ দিনটোত তাই কণ মানো শিহৰণ অনুভৱ কৰিব পৰা নাই । বুকুৰ মাজত হাজাৰ সৰিয়হ ফুলৰ ঢৌও উঠা নাই।  
বিয়াখন জীৱনত পালন কৰিব লগা কেৱল এটি বধ্যতামূলক অনুস্থান হে হৈ উঠিল তাইৰ বাবে ।কৰ্তব্য, দায়িত্ব আদি শব্দ বোৰৰ মাজত জীৱনৰ এই অনুপম দিনবোৰৰ পল-অনুপল পাৰ কৰিছে ।
‘পেহী অলপ খৰধৰ কৰক দেই জেনেৰেটৰত তেল ভৰাবলৈ পইচা দিবলৈ থাকিগ'ল ।অলপ পিচতে গোটেই ঠাইখন এন্ধাৰত বুৰ যাব’ । হিমানী যে নিজে কইনা হৈ বেইৰ তলত বহি আছে, সেই কথা পাহৰি তাই চিঞৰি উঠিল ।
সকলোৱে বুজিছে হিমানী কইনা হৈ বহিলে কি হব , সমস্ত দায়িত্বও তাইৰে ।দৰাঘৰৰ মান ধৰা কাপোৰৰ পৰা টেণ্ট হাউচ,ৰান্ধনী,অতিথি নিমন্ত্ৰণ , এই সকলোবোৰেই তাই নিজে কৰিব লগা হৈছে ।
শিৱসাগৰৰ ভিতৰুৱা গাওঁ 'বাহনি' ।পকা আলি পাবলৈ তিনি কিলোমিটাৰ খোজকাঢ়িব লাগে ।মাজত দৰিকা নৈ, তাত আজি দহ বছৰৰ আগতেই আৰম্ভ কৰা আধা বনোৱা দলংখন ।খোটা কেইটামানৰ বাহিৰে মামৰে ধৰা লোহা অলপ ওপৰলৈ ওলাই আছে ।খৰালি সমস্যা নাই, বাৰিষা হলে পলিথিনত কাপোৰ ভৰাই গাৱৰ মানুহে টাউনলৈ যায় ।স্কুলৰ প্ৰথম চাৰিটা শ্ৰেণী পঢ়ালৈ হিমানী হ'তে গাৱঁৰ ভিতৰতে পঢ়িব পাৰিছিল ।পঞ্চম মানলৈ পোৱাৰ পৰা আজিলৈ কেতিয়াবা আঠুমূৰীয়া পানী গচকি নাইবা ৰমেন দাইটিৰ টুলুঙা নাওঁত দৰিকা পাৰ হয় ।পকা আলি পাবলৈ আৰু এটা ৰাস্তা আছে ।সেইফালে নৈ নাই যদিও সাত কিলোমিটাৰ বাট , তাৰে এক কিলোমিটাৰ বাৰিষা হলে লুংলুঙীয়া আৰু বোকাৰে ভৰা ।স্কুলত প্ৰৰ্থনা লগোৱাৰ কাম সদায়ে তাইৰ ।দেৰি হলেই চাৰ-বাইদেউ সকলৰ মিঠা ধমক খাব লাগে ।তাইৰ শুৱলা মাতষাৰিৰ বাবেই পৰীক্ষাত কম নম্বৰ পালেও গালিশপনি নেখা্য ।সাত বছৰ বয়সৰ পৰাই তাই ভাত বনায় স্কুললৈ যায় ।মাক জনী যেতিয়াই-তেতিয়াই বেমাৰত পৰে ,দেউতাক আৰু ভায়েকলৈ ভাতৰ যোগাৰ কৰি তাই স্কুললৈ লৰ মাৰে ।পাৰহৈ যোৱা দিনবোৰ মনত পৰিলে তাইক এক বিষণ্ণতাই আৱৰি পেলাই ।
আজি চাৰিবছৰ আগত তাই পকা আলিৰ ইপাৰে এখন গানৰ স্কুল খুলিছে ।আগতে সাত কিলোমিটাৰ দূৰৰ নৰেন চাৰৰ স্কুলত তাই গান শিকাইছিল । মেট্ৰিকৰ দেওনা পাৰ কৰা দিনৰ পৰাই শনি আৰু দেওবাৰে গান শিকাবলৈ লৈছিল ।শাস্ত্ৰীয় সংগীত শিকাৰ খৰচ তাই তেনেদৰে উলিয়াইছিল ।কিমান কষ্টোপাৰ্জিত ধনেৰে তাই সংগীতত বিশাৰদ আৰু নিপুনৰ ডিগ্ৰিধাৰী হৈছেগৈ । এইবোৰ কথাৰ ভাগ তাই আনক নিদিয়ে, আপুৰুগীয়া সম্পদৰ দৰে তাই বুকুৰ মাজত সাঁচি ৰাখে ।
খেতিয়ক দেউতাকৰ মূৰত কিযে পোক সোমালে, ঘৰৰ চৰিওফালে থকা চাৰিবিঘা বাঁহ বাৰী তহিলং কৰি তাত চাহপাতৰ গছ লগালে ।সমস্ত দায়িত্ব পৰিলহি তাইৰ ওপৰত ।চাহ বাগান খোলাৰ পিচৰ সময়বোৰ বহু জটিল হ'ল । এই কঠিন সময়বোৰত কেতিয়াবা কিছুমান ঘটনাই নিৰ্মল আনন্দৰ খোৰাক যোগাই যায় ।ভায়েক মোম্বাইত চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ যোৱাৰ পৰা বাগানৰ বনোৱা সকলৰ দায়ীত্বও তাইৰ কান্ধত আহি পৰিল । বনোৱাবোৰৰ লগত হোৱা হাঁহি ধেমালি বোৰ মনলৈ আহি তাইৰ মুখত হাঁহি বিৰিঙি উঠিল। তাইৰ মুখলৈ চাই ৰুনুমীয়ে জোকালে,
‘হিমানীবা ,ভিনীলৈ মনত পৰি মনত লাদ্দু ফুটিছে যেন পাইছোঁ’ । হিমানী তেতিয়াহে সজাগ হ'ল ।বেইৰ তলৰ পৰা গা-ধোৱাই আহি তাইক কইনা সজাবলৈ যা-যোগাৰ চলিছে ।ভায়েক হেমন্তই আহি জেনেৰেটৰত তেল ভৰাবলৈ পইচাৰ বাবে চিঞৰি আছেহি ।আজৰিহৈ পুনৰ তাই নামতী আৰু গাভৰু সকলৰ হাতত নিজকে অৰ্পণ কৰিবলগা হ'ল ।এইহেন বাহনী গাঁওত কইনা সজাবলৈ বিউটিপাৰ্লাৰৰ এক্সপাৰ্ট ক'ৰ পৰা পাব ।জীয়াৰী-বোৱাৰী সকলৰ ওচৰত শৰণাপন্ন হবই লাগিব ।নিষ্কৰ্মাহৈ হিমানী পুনৰ ভাৱ সাগৰত বুৰ গ'ল ।
সিহঁতৰ বাগানৰ পাত তুলিবলৈ প্ৰথম আহিছিল ধৰ্মকাই ।মানুহটোৰ খোজেই থৰক-বৰক পাতনো কেনেকৈ তুলিব, সেই কথা ভাবি তাইৰ খং উঠিছিল ।ৰাতিপুৱা আহিলে ধৰ্মকাইৰ হাতখন পাতৰ ওপৰত কপি-কপি থাকে ।দেউতাকে বিশটকা ধৰাই দি গাঁওৰ মূৰৰ মানুহ ঘৰলৈ পঠাই দিয়ে ।যাওঁতে কপি-কপি যোৱা মানুহটো আহোঁতে ৰঙিয়ালহৈ আহে আৰু বঢ়িয়াকৈ পাত তুলে ।দুবছৰৰ পিচত আহিল তুলসী আৰু তাইৰ মাক ।মাকে পাত তুলে আৰু তুলসী সিহঁতৰ ঘৰটোৰ বাহিৰে-ভিতৰে পিত-পিতাই ফুৰে ।এদিন তাইৰ তানপুৰাটো দেখি সুধিলে -
‘হিমানী মাহী এইটো টোকাৰি নেকি, ইমান ডাঙৰ’!
তাই হাঁহি সামৰি কলে , "হয়দে তুলসী ৰাণী, এইটো ডাঙৰ টোকাৰি আৰু মই নাম দিছোঁ তানপুৰা ।"
 মাজে-মাজে তাইৰ পৰা হিমানীয়ে বাগানীয়া গান শুনে-
-কে তোকে বান্ধি দেলাই
হিলকি দিলকি খ’পা হায়ৰে--
তাই সিহঁতৰ শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ যত্ন কৰে ।কেচা মাটিৰ ঘৰ; হাৰমণিয়ম, তানপুৰা, তবলা আদি সকলো টিউনিং কৰি থলেও সেমেকি বগা-বগা চামনি পৰে । তানপুৰাটো বিছনাৰ কোনটোতে থিয় কৰি থয় আৰু ৰতি শুৱৰ সময়ত বেঁতৰ চকীখনত বান্ধি থৈদিয়ে, কিজানিবা পৰি মেলি ভাগে । তিনি কিলোলিটাৰ খোজকাঢ়ি গান শিকাবলৈ যাওঁতে গাঁৱৰ মানুহবোৰে কয় বোলে-
‘হিমানীয়ে অহা-যোৱা কৰি কৰি আলিটো সমান কৰিলে’ ।
ইমান সহজ সৰল মানুহবোৰৰ কেতিয়াবা কিনোহয় ! দুবছৰমানৰ বাবে ৰাতি বিহু ফাংচন কৰিবলৈ লৈ কিমান যে যন্ত্ৰনা সহিলে ।ওচৰ-পাজৰৰ এই আপোন খুৰি, পেহিহঁত, যি তাইৰ প্ৰসংশা কৰি তত নেপাই, তেনে মানুহে মাক-বাপেকক কয়হি-
 "জীয়েৰে যে ৰাতিখন গান গাই ঘুৰি ফুৰে কেতিয়াবা ল'ৰাৰ লগত পলাব চাবি ।"
 মোৰ ছোৱালীৰ বদনাম গাবলৈ আহিছে বুলি দেউতাক গৰজি উঠে আৰু বুকু ফিন্দাই কয় ,এই বাহনী গাৱত মোৰ ছোৱালীৰে ফেৰ মাৰিব পৰা কেইজনী আছেহে , তহতৰ হিংসা লাগিছে । চুবুৰীয়া সকলো কম নহয়, দাংখাই উঠি চেলেঞ্জ দিয়ে-
" তহঁতৰ ছোৱালী পলাই গলে ছাগলী মাৰি ভোজ খাম "-
চুবুৰীয়া সকলৰ ৰটনা বোৰ শুনি-শুনি মাকৰ বুকু ধৰফৰাই । মুখেৰে একো নকলেও বুকুখনত হাত দি মনে-মনে বহি থাকে ,উশাহত কষ্ট হয় । ডিব্ৰুগড়ৰ ডাক্টৰক দেখোৱালত হাৰ্টৰ বেমাৰ বুলি কলে ।তাই ফাংচন কৰিবলৈ ওলোৱাৰ তৃতীয় বছৰত মাকৰ হাৰ্টৰ বেমাৰ গৈ চৰম পৰ্যায় পালেগৈ । বিহুৰ সময়ত তাইৰ গান গোৱা বন্ধহৈ গ'ল । সকলো সপোন বাকচত সামৰি মাকৰ পেচমেকাৰ বহাবলৈ পইচা গোটাবলৈ ঘৰে-ঘৰে গৈ গান শিকোৱাত লাগিল ।
বাহিৰত হুলস্থুল লাগিল, দৰা পালেহি ।হিমানীক আইতা এগৰাকীৰ লগত এৰি জীয়ৰী-বোৱাৰী আতাইবোৰ পদূলিলৈ দৌৰাদৌৰিকৈ গ'ল ।ফ্ৰক পিন্ধা সৰু-সৰু কেইজনীমানে দৌৰি আহি মুঠিয়ে-মুঠিয়ে চাউল নিলেহি, দৰা ঘৰৰ মানুহৰ ওপৰত  চটিয়াবলৈ-
হঠাৎ হিমানীৰ মবাইলটো বাজিবলৈ ধৰিলে ।স্ক্ৰিনত ভাহি উঠা নামটো দেখি তাই সচকিত হ'ল ।দুৰদৰ্শনৰ দত্তদা , তাই ৰিচিভ কৰাৰ লগেলগে দত্তই কলে-
 "ভাল খবৰ এটা দিম ,কি খোৱাবি ক । তোক প্ৰ্গেম এটা দিয়া হৈছে ,পৰহিলৈ চুটিং হব ,কালিলৈ পোৱাকৈ আহিবি"। হিমানী থৰ লাগিল, তাই কইনা সাজত বহি আছে, বাহিৰৰ পদুলিত দৰা ।আজি অতদিনে বাটচাই থকা সুযোগটো আহিছে আজি ।ভগৱানৰ এইয়া উপহাস নেকি !তাই বিয়ালৈ দত্তদাক নিমন্ত্ৰণ কৰা নাছিল । কি বুলি উত্তৰ দিব ,যেন সাগৰৰ এক জোৱাৰ আহি তাইক সজোৰে খুন্দা মাৰিলে ।প্ৰচণ্ড অভিমান আৰু ক্ষোভত তাই দেহমন ছাটি-ফুটি কৰিব ধৰিলে ।
সদাই ব্যৱহাৰ কৰা শব্দ বোৰেই মুখত ওলাল-
 "দাদা মাৰ গাটো বৰ বেয়া, মই যাব নোৱাৰিম ।"
মবাইলটোৰ কানেকচন কাটি তাই কান্দোনত ভাগি পৰিল ।কাষতে বহি থকা আইতা গৰাকীয়ে কলে, নেকান্দিবি অ' আই ছোৱালী জনম ললে ঘৰ এৰি যাবই লাগিব ।
 হিমানীৰ মাকৰ পেচমেকাৰ বহোৱা আজি ছমাহ হ'লহি ।শৰীৰ দুৰ্বল যদিও নিজকে চম্ভালিব পৰা হৈছে ।চাৰিজনী গাভৰুৱে ধৰা চাদৰৰ তলত পদুলিলৈ গৈ হেপাহেৰে জোৱাইক আদৰিলে । মানুহগৰাকীৰ বিষাদতকৈ আনন্দ বেছি । ছোৱালীক দানলৈহে জন্ম হয়, তাইৰ উপাৰ্জন খাই-খাই অৰু কিমান পাপৰ ভাগী হব । সুকলমে পাৰ হ'ল বিয়াখন ।ঘৰখন নিমাও-মাও হৈ পৰিল । মাকে বধ শপত দি হেমন্তক মোম্বাইলৈ যোৱাটো বন্ধ কৰিলে ।ইলেক্ট্ৰিচিটি নোহোৱা বাহনী গাৱত গানৰ ষ্টোডিঅ' খোলাটো আকাশত চাংপতা কথা আৰু বাহিৰত গৈ সি বায়েকৰ সহায় অবিহনে একোডাল কৰিব নোৱাৰে ।
নতুন ঘৰত প্ৰবেশ কৰি হিমানীয়ে মনে মনে চাৰিও ফালে দৃষ্টি নিক্ষেপ কৰিলে ।ঘৰত কেৱল মাক আৰু পুতেক, ইমান ডাঙৰ চোতাল আৰু বাৰী, তাৰ পিচত হয়টো হাতলৈ আহিব ভাতৰ চৰু ।তাইৰ গান এইবাৰ বাকচত ভৰাই তলা মাৰি তাৰ চাবিকাঠী পুখুৰীত পেলাই দিব লাগিব ।তাইৰ দৰাৰ পৰা গৃহস্থ হোৱা মানুহ জনক মনৰ পৰা আপোন কৰিব পৰা নাই এতিয়াও। মুকলি মনেৰে আজিলৈ এষাৰিও কথা পতা নাছিল ।
অনাৰম্বৰ ফুলশয্যাৰ নিশা মানুহজনৰ উপস্থিতিত তাই অলপ বিব্ৰত অনুভৱ কৰিলে ।দুয়োৰে মাজত জমাহৈ থকা বৰফ বোৰ আতৰাই কথা পাতিবলৈ মানুহজনে  আৰম্ভ কৰিলে । তাৰে দুই এটা লাগতিয়াল, বাকিবোৰ কিনো বেবেৰিবাং কথা, হিমানীৰ মনে মনে খঙেই উঠিল ।কিন্তু লাহে-লাহে তাই কথাৰ ভাগ লবলৈ কবনোৱাৰাকৈ আগবাঢ়িল ।তাইৰ বিষয়ে ইমানবোৰ খবৰ সংগ্ৰহ কৰি ৰাখিছে-
 "ইণ্টাৰেষ্টিং, তাই মনে মনে ভাবিলে ।
অলপ ৰগৰ কৰি মানুহজনে সুধিলে, "কালি ফ'ন এটা আহিছিল নহয় জানো, আমি হোমত বহাৰ আগত ।"
তাই আচৰিত হ'ল । মনে মনে ভাবিলে কেনেকৈ জানিলে বাৰু এখেতে ।


"ভাবিছা চাগৈ মই কেনেকৈ জানিলো "
 হাঁহি-হাঁহি পুনৰ তাইক জোকালে -"তুমিহে মোক পাত্তা নিদিয়া, মই তোমাৰ সকলো কথা জানো ।চিন্তা নকৰিবা, দত্তদাক কৈছো, আজি নহয় কালিলৈ গুৱাহটী পোৱাকৈ আমি যাম ।"
শৰতৰ এই নিশাই হিমানীৰ বুকুত হেজাৰ বিঘা সৰিয়হ ফুলৰ ঢৌ তুলিলে, মনে ঢুকি পোৱালৈ এখন হালধীয়া সাগৰ । কোঠাটোৰ ভিতৰলৈ এক মৃদু শেৱালীৰ সুবাস বতাহত বৈ আহিল ।পুৱতি নিশা হিমানীহঁতৰ কোঠাৰ কাষৰ শেৱালী জোপাৰ ফুলবোৰ এপাহ-এপাহ কৈ সৰিছিল ।